কোৰিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে বৃহস্পতিবাৰে ইয়াত কোৰিয়া অ’পেন ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। তেওঁ জাপানৰ আয়া ওহোৰীৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰে কিন্তু লক্ষ্য সেন আৰু মালবিকা বানচোদে তেওঁলোকৰ নিজ নিজ দ্বিতীয় ৰাউণ্ডৰ মেচত পৰাজিত হোৱাৰ পিছত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ যায়। বিশ্বৰ সাত নম্বৰ সিন্ধুৱে একপক্ষীয় মুখামুখি খেলত বিশ্বৰ ২৬ নম্বৰ ওহোৰীক ২১-১৫ ২১-১০ ত পৰাস্ত কৰে। সিন্ধুৱে এতিয়ালৈকে ওহোৰীৰ বিৰুদ্ধে ১২ খন খেলত জয়লাভ কৰিছে। তৃতীয় শ্ৰেণীৰ সিন্ধুয়ে পৰৱৰ্তী ৰাউণ্ডত থাইলেণ্ডৰ বুচানান অংবামৰুংফানৰ মুখামুখি হ’ব, যাক তেওঁ যোৱা মাহত ছুইছ অ’পেনৰ ফাইনেলত পৰাজিত কৰিছিল।

এই ছিজনত চিয়াইদ মোডী ইণ্টাৰনেচনেল আৰু ছুইছ অ’পেনৰ ৰূপত দুটা ছুপাৰ ৩০০ টুৰ্ণামেণ্ট জয় কৰা সিন্ধুৱে বিশ্বৰ ১৭ নম্বৰ থাইলেণ্ডৰ অংবামৰুংফানৰ বিৰুদ্ধে ১৭ টা বাউটৰ ভিতৰত ১৬ খনত জয়লাভ কৰিছে আৰু মাত্ৰ এবাৰহে পৰাজিত হৈছে। বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্যই পোনপটীয়া খেলত ২০-২২ ৯-২১ ব্যৱধানত পুৰুষৰ ছিংগলছত তেওঁতকৈ নিম্ন স্থানত থকা ইণ্ডোনেছিয়াৰ শ্বেছাৰ হীৰেন ৰুস্তাভিটোৰ হাতত ৩৩ মিনিটত পৰাস্ত হয়।

উদীয়মান খেলুৱৈসকলৰ মাজৰ এগৰাকী মালবিকা বানচোডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছিল। মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ পৰ্ণপাৱী চোচুওঙৰ বিৰুদ্ধে তেওঁ ৩৯ মিনিটত ৮-২১ ১৪-২১ ব্যৱৱধাৰাত পৰাজিত হয়। সিন্ধুৱে ৩৭ মিনিট ধৰি চলি থকা দ্বিতীয় ৰাউণ্ডটো জিকিবলৈ বেছি সংগ্ৰাম কৰিব লগা হোৱা নাছিল। সিন্ধুৱে ভাল আৰম্ভণি কৰে আৰু প্ৰথম খন খেলত ওহোৰীয়ে মাত্ৰ এবাৰ ৮-৭ ত সামান্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল। সিন্ধু অৱশ্যে ইয়াৰ পিছত উভতি আহিছিল আৰু প্ৰথমখন খেল সহজে জয় লাভ কৰে। জাপানৰ তাৰকাজনে দ্বিতীয়খন খেলত ৮-৪ ৰ অগ্ৰগতিৰ সৈতে প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সিন্ধুৱে পৰৱৰ্তী ১৯ পইণ্টৰ ভিতৰত ১৭ পইণ্ট জিকি খেলখন আৰু মেচখন দখল কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *