ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাস বহনকাৰী বিদ্যালয় হিচাবে পৰিগণিত নলতলী বলাহী প্ৰাথমিক বিদ্যালয় । ১৯৭৭ চনতে প্ৰতিষ্ঠা লাভ কৰা বৰদলনী শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্বিচাৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক ৰাইজ। অঞ্চলটোৰ একমাত্ৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনত প্ৰধান শিক্ষয়িত্ৰী ৰুনুমাই চুতীয়াই দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত কৰাৰ উপৰিও মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছে ।
বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবন্তিত পুঁজিৰ অপ ব্যৱহাৰ কৰা, শিক্ষাৰ্থীক সমসাজ বিতৰণ নকৰা আদি সীমাহীন মইমতালিৰে শৈক্ষিক পৰিৱেশ কলুষিত কৰি আহিছে বুলি মংগলবাৰে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে একাংশ ক্ষুব্ধ অভিভাৱকে । সংবাদ মাধ্যমৰ আগত ৰাইজৰ অভিযোগ, নিজৰ খেয়াল খুচি মতে বিদ্যালয় পৰিচালনা কৰি যেতিয়াই মন যায় বিদ্যালয় চুটি দি, প্ৰায়ে পলমকৈ বিদ্যালয়লৈ আহি শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ নিৰ্লজ হেতালি খেলি আহিছে প্ৰধান শিক্ষয়িত্ৰী চুতীয়াই।
এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিকো গুৰুত্ব নিদি প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে চলাই অহা স্বেচ্ছাচাৰীৰাজ চৰম পৰ্যায়ৰ পোৱাত মংগলবাৰে একাংশ অতিষ্ঠ অভিভাৱক ঢকুৱাখনাৰ মহকুমাধিপতিৰ শৰণাপন্ন হৈছে । ক্ষুব্ধ একাংশ অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজে মংগলবাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক ৬ টা গুৰুত্বপূৰ্ণ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰি এনে সীমাহীন দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই।