সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ অসমে প্ৰতি বছৰে জিলা ভিত্তিক খেল অনুষ্ঠিত কৰিব । অতি শীঘ্ৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত, ভূটান, নেপাল, বাংলাদেশ আদি দেশৰ মাজত অনুষ্ঠিত হ’ব আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল।
সোমবাৰে বাক্সা জিলাৰ মুছলপুৰ ওচৰৰ বাথৌফুৰিত থকা স্পৰ্টচ কমপ্লেক্সত খেলুৱৈ বাচনিৰ বাবে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাগ লৈ সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ অসমৰ ৰাজ্যিক খেল প্ৰমুখ কুলেন নাথে এইদৰে কয়। তেখেতে কয় যে ন টা ইভেন্টত দুদিনীয়াকৈ চলিব লগাীয় এই বাচনি খেলত মুঠ চাৰিশ জন খেলুৱৈৱে অংশগ্ৰহণ কৰিব।
এই বাচনিৰ জড়িয়তে অহা ২৫ ৰ পৰা২৭ মাৰ্চলৈ গুৱাহাটীৰ সৰুসজাইত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱত ভাগ ল’ব পাৰিব বুলি জানিবলৈ দিয়ে।
