প্ৰথমবাৰৰ বাবে ঢকুৱাখনাত মুঠ ১০টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচন দেওবাৰে সুকলমে আৰু শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় । এলেকাৰ মুঠ ১০ হাজাৰ ১০৪ গৰাকী ভোটাৰ বিশিষ্ট ১০টা ৱাৰ্ডত বিয়লি ৪ বজা পৰ্যন্ত ৭ হাজাৰ ৯৫২ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ।
ভোটদানৰ হাৰ ৭৮.৭০ শতাংশ । ঢকুৱাখনা পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হৈ আছে। অহা ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপিত ভোট গণনা কেন্দ্ৰত ভোটগননা কৰা হ’ব ।