উত্তৰ প্ৰদেশ বিধানসভাৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে বাৰনাসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শুকুৰবাৰে দিনযোৰা কাৰ্যক্ৰমৰ পাছত মোডীয়ে কঠোৰ সুৰক্ষাৰ মাজত মাজ নিশা উপস্থিত হয় বাৰনাসী ৰেলৱে ষ্টেচনত।
মোডীয়ে বাৰনাসীৰ কৈন্ট ৰেলৱে ষ্টেচন নিৰীক্ষণ কৰে আৰু ষ্টেচনত উপস্থিত থকা কৰ্মচাৰী তথা বিভিন্ন লোকৰ লগত কথা পাতে। তাৰপাছত মোডীয়ে বাৰনাসীৰ খিড়কীয়া ঘাটলৈ যায় আৰু বহু সময় তাত থাকি সৌন্দৰ্য উপভোগ কৰে। উল্লেখ্য যে, এই ঘাটত বহু সময়ত পৰ্যটকে ভিৰ কৰে।
৭ মাৰ্চত উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ৫৪ খন আসনৰ বাবে হ’ব নিৰ্বাচন। সেয়ে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে।