সাত দিন পৰ্যন্ত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ চলি থকাৰ মাজতেই দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব দেশ দুখনৰ মাজত।খবৰ অনুসৰি বুধবাৰে দ্বিতীয় পৰ্যায়ৰ আলোচনৰা বাবে সন্মত হৈছে ৰাছিয়া। সোমবাৰে দেশ দুখনৰ মাজত হৈছিল আলোচনা। পূৰ্বৰ আলোচনাত অৱশ্যে কোনো ধৰণৰ সমাধান নোলাল।
যুদ্ধৰ মাজতেই বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ ভিতৰত আছিল দক্ষিণ-পূব বন্দৰ চহৰ মাৰিয়পোলৰ গুলীবৰ্ষণ, আৰু দক্ষিণৰ খেৰচন চহৰ দখল কৰাৰ ৰাছিয়াৰ সামৰিক দাবী।