বকোত অসম বিজ্ঞান সমিতিৰ ৭২ সংখ্যক অসম বিজ্ঞান দিৱস পালন

কামৰূপ জিলাৰ বকোত অসম বিজ্ঞান সমিতিৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অসম বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় বকো মজলীয়া বিদ্যালয়ত। উল্লেখ্য যে ; অসম বিজ্ঞান দিৱসৰ কাৰ্য্যসুচী অনুসৰি পুৱা অসম বিজ্ঞান সমিতিৰ পতাকা উত্তোলন কৰে বকো শাখাৰ সভাপতি অৰবিন্দ চৌধুৰীয়ে।অনুস্থনটোৰ আঁত ধৰে শাখাৰ কোষাধ্যক্ষ হৰিদেৱ মহন্তই।

বিজ্ঞান শাখাৰ সভাপতিয়ে পৰিচালনা কৰা কাৰ্য্যসুচীত আলোচনা চক্ৰৰ মূল বিষয় বস্তু “সমাজ উন্নয়ন আৰু বৈজ্ঞানিক মানসিকতা “ৰ ওপৰত আলোচনা আগবঢ়ায় শাখাৰ উপ-সভাপতি তথা জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসে।দাসে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক মানসিকতা সৃষ্টিত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াই বুলি শাখাৰ সম্পাদক পৱিত্ৰ কৈৱৰ্ত্তই জনায়।

আলোচনা চক্ৰ খনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে উপস্থিত আটাইকে আদৰণী জনায় শাখাৰ আন এগৰাকী উপ-সভাপতি ধ্ৰুৱজ্যোতি মেধিয়ে। আলোচনা চক্ৰ খনত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় ক্ৰমে আজীৱন সদস্য গৌৰাংগ ঠাকুৰীয়া, সুৰেণ চন্দ্ৰ কলিতা আৰু বিজয়া ডেকাই । বিশেষ সহযোগিতা আগবঢ়ায় বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলেন চন্দ্ৰ দাস আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লৱ কুমাৰ ৰাভাৰ লগতে বিদ্যালয় খনৰ অন্যান্য শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *