নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত চতুৰ্থ পৰ্যায়ৰ কনছুলাৰ বৈঠক সম্পন্ন

87

নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত বুধবাৰে চতুৰ্থ পৰ্যায়ৰ কনচুলাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল যুটীয়া সচিব (চিপিভি) ড০ আমান পুৰী। আনহাতে বাংলাদেশৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মহানিৰ্দেশক (দক্ষিণ এছিয়া) ৰকিবুল হক।

এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “এই বৈঠকৰ সময়ত দুয়োখন দেশে কনছুলাৰ ইছ্যু, ভিছাৰ বিভিন্ন দিশ, প্ৰত্যাৱৰ্তন, এমএলএটি আৰু প্ৰত্যাৰ্পণৰ বিষয়সমূহত সমন্বয় আৰু সহযোগিতা শক্তিশালী কৰাৰ উপায় বা ব্যৱস্থা সম্পৰ্কে বিস্তৃত আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত সহযোগিতাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ নাগৰিকৰ চলাচল বা ভ্ৰমণৰ সুবিধাৰ বাবে দ্বিপাক্ষিক সংশোধিত ট্ৰেভেল এৰেঞ্জমেণ্ট(আৰটিএ)ক আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে।”

ভাৰত-বাংলাদেশৰ মাজত কনছুলাৰ, ভিছা আৰু পাৰস্পৰিক আইনী সহায়-সহযোগিতাৰ বাবে নিয়মীয়া যোগাযোগ মাধ্যম স্থাপন কৰি মানুহৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে ২০১৭ চনত ভাৰত-বাংলাদেশ কনছুলাৰ ডাইলগ মেকানিজম প্ৰতিষ্ঠা কৰা হৈছিল। দুয়োপক্ষই পাৰস্পৰিকভাৱে সুবিধাজনক দিনত ঢাকাত পৰৱৰ্তী ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত কৰিবলৈ সন্মত হয় আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ মাধ্যমেদি সহযোগিতাৰে লাভান্বিত কৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ সুদৃঢ় কৰিলে।