৪-ইন-১ ফ্লু টিকাকৰণ

ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স (আইএপি) আৰু বিশ্ব স্বাস্থ্য সংস্থাই ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ বাবে বাৰ্ষিক টিকাকৰণৰ পৰামৰ্শ দিয়ে। শিশুসকল গোটেই বছৰটোত ফ্লুৰ প্ৰতি আক্ৰান্ত হয়, বিশেষকৈ শীত আৰু বাৰিষাৰ সময়ত।

টিকাকৰণ কৰাৰ পিছত এণ্টিবডী বিকশিত হ’বলৈ প্ৰায় ২ সপ্তাহ লাগিব পাৰে, যাৰ বাবে বাৰিষা বা শীতকালৰ ২ ৰ পৰা ৪ সপ্তাহ আগতে ইয়াক ল’ব লাগে।  ৫ বছৰৰ তলৰ শিশুৰ কেৱল ফ্লুৰ জটিলতাৰ আশংকা অধিক নহয় কিন্তু সমাজৰ আনলোকলৈও সংক্ৰমণ বিয়পাব পাৰে।

 ফ্লু ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত হয়, আৰু ই নাক, ডিঙি আৰু হাঁওফাঁওপ্ৰভাৱিত কৰে। কিছুমান সচৰাচৰ লক্ষণ হৈছে কাহ, জ্বৰ, ঠাণ্ডা, ডিঙিৰ বিষ, ভাগৰ, পেশীৰ বিষ আৰু মুৰৰ বিষ। ভাইৰাছটো ৰোগী এজনৰ পৰা সহজে বিয়পিব পাৰে যেতিয়া তেওঁলোকে কথা কয়, হাঁচি দিয়ে বা কাহ কৰে। বাৰ্ষিক ৪ইন১ ফ্লু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে কওঁতে, শিশ্যৰ ডিচিএইচ ড. সুশীল কে.আৰ. কেডিয়াই কয়, “শীতকালৰ ঠিক আগতে শিশুসকলক ফ্লু শ্বট দিয়াটো গুৰুত্বপূৰ্ণ”।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *