এইচডিএফচি টপ ১০০ ফাণ্ডৰ ২৭ বছৰীয়া সাফল্যৰ যাত্ৰা

লাৰ্জ কেপ ষ্টকত বিশেষভাৱে বিনিয়োগ কৰা অপেন ইকুইটি স্কিম(মুকলি ইকুইটি আঁচনি) এইচডিএফচি টপ ১০০ ফাণ্ডে ২০২৩ চনত ২৭ বছৰীয়া কাৰ্যক্ৰমণিকা সফলতাৰে সম্পূৰ্ণ কৰিছে। এইচডিএফচি টপ ১০০ ফাণ্ডে বিগত ২৭ বছৰত প্ৰায় ১৯% চিএজিআৰ লাভ কৰিছে, য’ত ১০,০০০ টকাৰ পদ্ধতিগত এছআইপি আছে, এই ধনৰাশি মুঠ বিনিয়োগ কৰা ৩২.৯০ লাখ টকাৰ সমান, ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীলৈকে ৭.৯৮ কোটি টকালৈ বৃদ্ধিৰ আশা কৰা হৈছিল। এই প্ৰদৰ্শনে বজাৰৰ উত্থান-পতনক নেভিগেট কৰিব পৰা আৰু বিনিয়োগকাৰীক বৰ্ধিত সেৱা আৰু যোগান অব্যাহত ৰখাৰ সামৰ্থ্যকে প্ৰমাণ দিয়ে।

পৰ্টফলিঅ’ প্ৰস্তুত কৌশলে তলৰ পৰা ওপৰলৈ ষ্টক পিকিঙৰ লগতে টপ-ডাউন ছেক্টৰ(খণ্ড) আৰু মেক্ৰ’ ট্ৰেণ্ডৰ সংমিশ্ৰণ ঘটায়। এই টপ ১০০ পুঁজিয়ে ব্যৱসায়িক মডেলৰ মানদণ্ড, পৰিচালনা আৰু বিত্তীয় মেট্ৰিক্সৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। পৰ্টফলিঅ’ প্ৰস্তুত কৰাটো ৰিস্ক-ৰিৱাৰ্ড(পুৰস্কাৰ)ৰ সুযোগৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় আৰু এক যুক্তিসংগত মূল্যত গুণগত প্ৰতিষ্ঠান অন্বেষণ কৰাৰ ক্ষেত্ৰত অনুশাসিত পদ্ধতি(ডিচিপ্লিন এপ্ৰছ) বজাই ৰাখে। প্ৰায় ৮০%তকৈ অধিক পৰ্টফলিঅ’ক সুপ্ৰতিষ্ঠিত লাৰ্ড কেপ কোম্পানীত বিনিয়োগ কৰা হয়, আনহাতে, প্ৰধান কৌশল হিচাপে মধ্যমীয়াৰ পৰা দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

১৯৯৬ৰ অক্টোবৰ মাহত আৰম্ভ হোৱা এই স্কিমে ভাৰতৰ ভিতৰতে দীৰ্ঘদিনীয়া মিউচুৱেল ফাণ্ড স্কিমসমূহৰ ভিতৰত অন্যতম। এই বিষয়ে এইচডিএফচি এএমচিৰ এমডি এণ্ড চিইঅ’ নৱনীত মুনোতে কয় যে, “যোৱা ২৭ বছৰত এইচডিএফচি টপ ১০০ ফাণ্ডৰ সম্পদ সৃষ্টিৰ যাত্ৰা আমাৰ শক্তিশালী গৱেষণা আৰু বিনিয়োগ প্ৰক্ৰিয়াৰ এক বাস্তাৱ দৃষ্টান্ত, যিয়ে বছৰ বছৰ ধৰি এই পুঁজিক একাধিক বজাৰ চক্ৰ সুকলমে ধৰি ৰাখি আগুৱাই নিয়াত সহায় কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *