ৰাজস্থানত দহ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দঃ নাগৌৰত বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

দেশত এক ভয়ংকৰ কূটাঘাতৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হ’ল ৰাজস্থান আৰক্ষী। ৰাজ্যখনৰ নাগৌৰ জিলাৰ হৰসৌৰ গাঁৱৰ এটা ফাৰ্মহাউচত অভিযান চলাই আৰক্ষীৰ এটা দলে প্ৰায় ১০,০০০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেট আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰে। ৰাজস্থানৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিমাণৰ অবৈধ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কো সতৰ্ক কৰি তুলিছে।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নাগৌৰ আৰক্ষীয়ে যোৱা শনিবাৰে ছুলেমান খান (৫৮) নামৰ এজন ব্যক্তিৰ ৪৫ বিঘা মাটিৰ ফাৰ্মহাউচত এই অভিযান চলায়। উক্ত স্থানত থকা ১৮৭ টা বস্তাৰ পৰা ৯,৫৫০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেটৰ লগতে ডিটনেটৰ আৰু ডিটনেটিং তাঁৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে ছুলেমান খানক গ্ৰেপ্তাৰ কৰি গৃহ মন্ত্ৰালয়ৰ বিশেষ দল আৰু চোৰাংচোৱা বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত চলাইছে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই কাণ্ডৰ সৈতে কোনো বৃহৎ অপৰাধী চক্ৰৰ জড়িত থকাৰ সন্দেহ প্ৰকট হৈছে। পূৰ্বে বিস্ফোৰক সামগ্ৰীৰ অনুজ্ঞাপত্ৰ থকা ছুলেমান খানে ইয়াৰ মজুতকৰণ আৰু যোগানৰ কাৰিকৰী দিশসমূহ ভালদৰে জানিছিল। অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ পাছতো তেওঁ দীৰ্ঘদিন ধৰি অবৈধভাৱে এই ব্যৱসায় চলাই থকা বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ধৃত ছুলেমানৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিস্ফোৰক আইনৰ অধীনত তিনিটাকৈ গোচৰ পঞ্জীয়ন হৈছিল। গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ইমান বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই দেশৰ সুৰক্ষা ব্যৱস্থালৈ এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান এই বিস্ফোৰকসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছিল, সেই দিশত অনুসন্ধান অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাসমূহে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *