ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল নিউজীলেণ্ডৰ

গ্লেন ফিলিপছে ৩৩ বলৰ অৰ্ধশতক অৰ্জন কৰাৰ ফলত নিউজীলেণ্ডে দ্বিতীয় টি-২০ত ৱেষ্ট ইণ্ডিজক ৯০ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ২-০ ৰ অপৰাজিত অগ্ৰগতি লাভ কৰে। টি-২০ ক্ৰিকেটত পঞ্চম অৰ্ধশতক অৰ্জন কৰাৰ পিছত ফিলিপছে ৪০ বলত ৭৬ ৰান কৰি নিউজীলেণ্ডক ৫ উইকেটত ২১৫ ৰানলৈ আগবঢ়াই লৈ যায়। তেওঁ তেওঁৰ ইনিংছত ৬ টা ছয় আৰু ৪ টা চাৰি মাৰে। ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰত্যুত্তৰত ৯ উইকেটত মাত্ৰ ১২৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ফিলিপছে ডেভন কনৱেৰ (৪২ ৰাণ) সৈতে তৃতীয় উইকেটৰ বাবে ৭১ ৰান যোগ কৰে। তেওঁ ডেৰিল মিচেলৰ সৈতে ৮৩ ৰানৰ অংশীদাৰীত্ব কৰে। মিচেলে ২০ টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজে ৪০ ৰানত ছয়টা উইকেট হেৰুৱাইছিল আৰু ৰোমাৰিঅ’ শ্বেফৰ্ড আৰু ৰোভমেন পাৱেলে সপ্তম উইকেটৰ বাবে ৩৫ ৰান যোগ কৰে। হেডেন ৱালছ আৰু ওবেদ মেককয় অন্তিম উইকেটৰ বাবে অপৰাজিত ৩৮ ৰানৰ অংশীদাৰীত্ব কৰে। তৃতীয় আৰু অন্তিম টি-২০ দেওবাৰে ইয়াত অনুষ্ঠিত হ’ব আৰু তাৰ পিছত তিনিখন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *