ৰেচন কাৰ্ডধাৰী পৰিয়ালে বছৰি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ কথা ঘোষণা কৰে।

ৰঙিয়াত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই এই ঘোষণা কৰে।

শৰ্মাই ভাষণত কয়, ”ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে এতিয়া প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনি আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব।”

তেওঁ আৰু কয় যে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহক এই বছৰ এটা প্ৰদান কৰা হ’ব যাতে হিতাধিকাৰীসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত বিনামূলীয়া চাউল, আৰু ডাইলৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নোপোৱা বুলি ৰাইজে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চলিত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰিব, যাৰ অধীনত দৰিদ্ৰ আৰ্থিক পটভূমিৰ প্ৰতিজন হিতাধিকাৰীয়ে এটাকৈ ঘৰ লাভ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *