ৰিলায়েন্স জুৱেলছে গৌৰৱময় স্বৰ্ণবাঙ্গা গহনা সংগ্ৰহ উন্মোচন কৰে

ভাৰতৰ অন্যতম বিশ্বাসী গহনা ব্ৰেণ্ড ৰিলায়েন্স জুৱেলছ্ এ বংগৰ কাব্যিক সৌন্দৰ্য আৰু কলাত্মক ঐতিহ্যৰ দ্বাৰা অনুপ্ৰাণিত এক উজ্জ্বল গহনা সংগ্ৰহ স্বৰ্ণ বঙ্গ মুকলি কৰিছে। অঞ্চলটোৰ টেৰাকোটা মন্দিৰৰ জটিলতা, শান্তি নিকেতনৰ শান্তি, আৰু দুৰ্গা পুজোৰ উৎসাহ কঢ়িয়াই অনা সংগ্ৰহটো হৈছে ৰিলায়েন্স জুৱেলছৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ বিভিন্ন অঞ্চলৰ দ্বাৰা অনুপ্ৰাণিত বিষয়গত গহনা সংগ্ৰহৰ শৃংখলাত ৮ম শৃংখলা। বিশাল তাৰকাৰে ভৰি থকা এটি আকৰ্ষনীয় সন্ধিয়াত, স্বৰ্ণ বঙ্গ মুকলি কৰে বলীউড তাৰকা কৰিশ্মা কাপুৰে, আৰু শ্ব’ষ্টপাৰ হিচাপে ৰেম্পত খোজ দিলে।


উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰিলায়েন্স জুৱেলছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত সুনীল নায়কে কয়, “বংগই ইয়াৰ জীৱন্ত শৈল্পিক লিগেচীৰ জৰিয়তে ভাৰতৰ কলা আৰু শিল্প ইতিহাসত এক বিশেষ স্থান দখল কৰিছে। আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ দ্বাৰা অনুপ্ৰাণিত আমাৰ গহনা শৃংখলাৰ এই অষ্টম সংগ্ৰহটো আমাৰ দেশৰ সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰা উদযাপনৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। স্বৰ্ণ বঙ্গ সংগ্ৰহক, ইয়াৰ কালজয়ী ডিজাইন, জটিল কাৰুকাৰ্য আৰু সৌন্দৰ্য্যৰ বাবে, আমাৰ গ্ৰাহকসকলে আগন্তুক বছৰৰ বাবে আদৰি লোৱাটো নিশ্চিত।”
বিগত বছৰবোৰত, প্ৰতিটো সংগ্ৰহৰ জৰিয়তে, ৰিলায়েন্স জুৱেলছ্ এ ইয়াৰ সন্মানীয় গ্ৰাহকসকলক এক সাংস্কৃতিক ভ্ৰমণলৈ লৈ গৈছে, গহনাবোৰক ভাৰতৰ গতিশীল ইতিহাসক প্ৰতিফলিত কৰা শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰিছে। স্বৰ্ণ বঙ্গ সংগ্ৰহে বঙ্গৰ সংস্কৃতি আৰু কলাত্মক ঐতিহ্যৰ সাৰমৰ্ম ধৰি ৰাখি এই লিগেচী অব্যাহত ৰাখিছে। এই সংগ্ৰহবোৰ কেৱল গহনা নহয়; সেইবোৰ ভাৰতৰ ইতিহাসৰ অভিব্যক্তি।


সন্মানীয় অতিথি শ্ৰীমতী কৰিশ্মা কাপুৰে কয়, “মই পিন্ধাৰ সৌভাগ্য লাভ কৰা হীৰাৰ শ্ব’ষ্টপাৰ ছেটটো হৈছে এক প্ৰকৃত শিল্পকৰ্ম। ই পশ্চিম বংগৰ ঐতিহ্যক সুন্দৰভাৱে একত্ৰিত কৰে। উৎসৱৰ বতৰ ওচৰ চাপি অহাৰ লগে লগে, মই সুন্দৰতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ স্পৰ্শ বিচৰা সকলোকে স্বৰ্ণ বঙ্গ সংগ্ৰহৰ পৰামৰ্শ দিওঁ। এয়া কেৱল গহনা নহয়; এইটো বংগৰ আত্মা আৰু ঐতিহ্যৰ এটা চানেকি যাক আপুনি গৌৰৱেৰে পিন্ধিব পাৰে। মই এই সংগ্ৰহৰ দ্বাৰা সঁচাকৈয়ে প্ৰভাৱিত হৈছোঁ, আৰু মই বিশ্বাস কৰোঁ যে ই আমাৰ উৎসৱৰ সাজোন-কাচোনত এক নিখুঁত সংযোজন।”
স্বৰ্ণ বঙ্গ সংগ্ৰহ হৈছে ৰিলায়েন্স জুৱেলছৰ উল্লেখযোগ্য শৃংখলাৰ ৮ম শৃংখলা, য’ত প্ৰতিটো সংগ্ৰহে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰা, স্থাপত্য আৰু কাৰুশিল্প প্ৰতিফলিত কৰে। উদাহৰণ স্বৰূপে, থাঞ্জাভুৰ সংগ্ৰহে চোল সাম্ৰাজ্যৰ পূৰ্বৰ ৰাজধানী থাঞ্জাভুৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। একেদৰে, মহালয়া সংগ্ৰহত মহাৰাষ্ট্ৰৰ বৈভৱ প্ৰদৰ্শন কৰা হৈছে, আনহাতে ৰণকাৰ সংগ্ৰহ কচ্ছৰ ৰণৰ নিখুঁত সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত। ইয়াৰ উপৰিও, ৰিলায়েন্স জুৱেলছৰ কাচ্যম সংগ্ৰহ বেনাৰসৰ মহিমাৰে জিলিকি উঠিছে, আৰু উৰিষ্যা-অনুপ্ৰেৰিত উৎকলা সংগ্ৰহে উপকূলীয় অঞ্চলৰ এটা জীৱন ধাৰাৰ কথা মনত পেলাই দিছে। আৰু যদিও ব্ৰেণ্ডটোৰ উৎকৃষ্ট অতুল্য সংগ্ৰহে ৰাজস্থানৰ ৰাজকীয় অতীত আৰু মোগল যুগৰ সমৃদ্ধিৰ আভাস প্ৰদান কৰে, ইয়াৰ অপূৰ্বম সংগ্ৰহত হাম্পিৰ স্থাপত্যৰ মহিমা দেখুওৱা হৈছে।
স্বৰ্ণ বঙ্গ সংগ্ৰহ বৰ্তমান সকলো ৰিলায়েন্স জুৱেলছ্ ষ্টোৰত উপলব্ধ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *