ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

77

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বিৰুদ্ধে অসমত এক গোচৰ ৰুজু হৈছে। এক অভিযোগ অনুসৰি, চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাহুলৰ ন্যায় যাত্ৰা চলোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হয়। যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথেৰে যোৱাৰ অভিযোগত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিলে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৰহাটৰ কেবি ৰোডৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু এই যাত্ৰা অনুমোদিত পথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰলৈ আন এটা পথেৰে যোৱাৰ ফলত অঞ্চলটোত এক ‘বিশৃংখল পৰিস্থিতি’ৰ সৃষ্টি হৈছিল। তেওঁ ক’লে, হঠাৎ হোৱা ভিৰৰ বাবেই কিছুমান মানুহ পৰিল আৰু ব্যাপক বেমেজালিৰ সৃষ্টি হৈছিল। ন্যায় যাত্ৰাৰ সময়ত একাংশ লোকে বেৰিকেড ভাঙিবলৈ উত্তেজিত হৈছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি যোৰহাট সদৰ থানাত যাত্ৰা আৰু ইয়াৰ মূল আয়োজকৰ বিৰুদ্ধে FIR ৰুজু কৰা হৈছে।

বিষয়াগৰাকীৰ মতে, এই গোচৰত উল্লেখ আছে যে ন্যায় যাত্ৰাই জিলা প্ৰশাসনৰ নিয়ম মানি চলা নাছিল আৰু ই পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰিছিল। কিন্তু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ঘটনাক যাত্ৰাত অপ্ৰয়োজনীয় বাধা সৃষ্টিৰ কৌশল বুলি অভিহিত কৰিছে। তেওঁ কয় যে, ‘‘পি ডব্লিউ ডি পইণ্টত যাতায়াত পথ পৰিৱৰ্তন কৰিবলৈ আৰক্ষী মোতায়েন কৰা হোৱা নাছিল। নিৰ্দিষ্ট পথটো অতি চুটি আছিল আৰু আমাৰ লগত বহুত ভিৰ আছিল, সেয়ে আমি কেইমিটাৰমানৰ বাবে আন এটা পথলৈ যাত্ৰা কৰিলোঁ।’’ তেওঁ অভিযোগ কৰে যে এই যাত্ৰাই অসমত প্ৰথম দিনাই পোৱা সফলতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু এতিয়া ইয়াক বিফল কৰিব বিচাৰিছে।