ৰাহুল গান্ধীৰ নিৰাপত্তাক লৈ প্ৰশ্ন! অমিত শ্বাহলৈ পত্ৰ খোদ কংগ্ৰেছ অধ্যক্ষৰ

ভাৰত জোড়ো ন্যায় যাত্ৰাৰে অসমত থকা ৰাহুল গান্ধীৰ সুৰক্ষাক উত্থাপন হৈছে প্ৰশ্নৰ। গান্ধীৰ নিৰাপত্তাক লৈ এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাষ চাপিছে কংগ্ৰেছ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই সন্দৰ্ভত নিজেই শ্বাহলৈ এখন পত্ৰ লিখে।

বৰ্তমান ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে অসমত আছে ৰাহুল গান্ধী। আৰু তাতেই তেওঁ মঙলবাৰে আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিবলৈ গৈ আৰক্ষীয়ে এই পদযাত্ৰা বন্ধ কৰি দিয়ে। কংগ্ৰেছ কৰ্মীসকলে পাল পাতি বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে। অভিযোগ অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰে। পিছত হিমন্তই ৰাহুলৰ বিৰুদ্ধে এফআইআৰৰ নিৰ্দেশ দিয়ে। অসম আৰক্ষীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ষড়যন্ত্ৰ, শান্তি ভংগ আৰু সাধাৰণ জনতাক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে।

ইয়াৰ পিছত বুধবাৰে মল্লিকাৰ্জুন খৰ্গেয়ে অমিত শ্বাহলৈ এখন চিঠি লিখে। কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ লিখা এখন পত্ৰত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লিখিছে যে অসমত ৰাহুল গান্ধীৰ নিৰাপত্তাজনিত বিপদ বাঢ়িছে। বহু ক্ষেত্ৰত বিজেপি কৰ্মী ৰাহুল গান্ধীৰ কনভয়ৰ অতি ওচৰলৈ অহা দেখা যায়, আনহাতে আৰক্ষী নীৰৱ দৰ্শক হৈ আছে। কেন্দ্ৰই ক্ষিপ্ৰতাৰে কাম কৰক। খৰ্গেয়ে উল্লেখ কৰে যে ৰাহুল গান্ধীকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা-কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে যে যোৱা কেইদিনমানৰ পৰা যিদৰে বাধাৰ সন্মুখীন হৈছে তেওঁলোকৰ জীৱনৰ বিপদ বৃদ্ধি পাইছে।

মন কৰিবলগীয়া যে ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ দিনা ৰাহুল গান্ধীয়ে অসমৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ প্ৰশাসনে তেওঁক বৰদোৱা থানত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ পিছতে কংগ্ৰেছে কেন্দ্ৰীয় পৰ্যায়ত বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *