ৰাষ্ট্ৰীয় প্ৰতীক বিতৰ্কঃ বিৰোধীৰ বিকৃতিৰ অভিযোগ, পুৰীয়ে ক’লে- “নিখুঁত প্ৰতিৰূপ”

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱনৰ ওপৰত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভটো উন্মোচন কৰে। এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহ নিৰ্মাণ মন্ত্ৰী হৰদ্বীপ পুৰীও উপস্থিত থাকে।

কংগ্ৰেছ আৰু আন কিছুমান বিৰোধী দলে নতুন সংসদ ভৱনৰ ওপৰত নিৰ্মাণ কৰা ৬.৫ মিটাৰ উচ্চতাৰ ৰাষ্ট্ৰীয় প্ৰতীকত বিকৃতিৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ই “আকাৰৰ বাহিৰে সাৰনাথত অশোক স্তম্ভৰ এক নিখুঁত প্ৰতিকৃতি।’’

কেন্দ্ৰীয় গৃহ নিৰ্মাণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে লগতে কয় যে যদি সৰনাথৰ প্ৰতীকটো বঢ়োৱা হয় বা নতুন সংসদ ভৱনৰ প্ৰতীকটো সেই আকাৰলৈ হ্ৰাস কৰা হয়, তেন্তে ইয়াৰ মাজত কোনো পাৰ্থক্য নাথাকিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *