ৰাজ্যৰ ৮৩ গৰাকী আৰক্ষী উপ-পৰিদৰ্শকক বদলি…

মৰিকলঙৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুৰ ঘটনাই যোৱা ৭২ ঘণ্টাত ৰাজ্যৰ গৃহ বিভাগত একপ্ৰকাৰৰ হাহাকাৰৰ সৃষ্টি কৰিছে।

শনিবাৰে আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি কৰাৰ কিছু ঘণ্টাৰ পাছত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিভিন্ন ডি ই এফ/সংগঠন/ইউনিটৰ প্ৰায় ৮৩ জন উপ-পৰিদৰ্শকৰ বদলিৰ নিৰ্দেশ জাৰি কৰে।

এক অধিসূচনা অনুসৰি অন্য ডি ই এফ/সংগঠন/ইউনিটত থকা খালী পদৰ বিপৰীতে বদলিৰ আদেশ জাৰি কৰা হৈছে।

ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰক বদলি কৰি লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তক বদলি কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়।

আমোদজনকভাৱে যোৱা শুকুৰবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ত ৰূপজ্যোতি কলিতা অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম), নগাঁওকে ধৰি চাৰিজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *