ৰাজ্যৰ ৮খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি AFSPAৰ ম্যাদ

অসম চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ‘অশান্ত এলেকা’ টেগ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৮খন জিলাত আৰু ছমাহৰ বাবে বৃদ্ধি কৰিব।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ বাবে বৃদ্ধি কৰা হ’ব।

কিন্তু ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনাৰ পিছত ১ এপ্ৰিলৰ পৰা কাছাৰ জিলাৰ লখিমপুৰ মহকুমাৰ পৰা উঠাই লোৱা হ’ব এই টেগ।

ইয়াৰ পূৰ্বে কেন্দ্ৰই ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা ৯খন জিলা আৰু কাছাৰ জিলাৰ এটা মহকুমা বাদ দি সমগ্ৰ অসমৰ পৰা আফছপা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

১৯৯০ চনৰ ২৭-২৮ নৱেম্বৰৰ মাজৰ নিশাত আফছপাৰ অধীনত ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পিছৰ পৰা প্ৰতি ছমাহৰ মূৰে মূৰে এই সময় বৃদ্ধি কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *