অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচ আৰু প্ৰস্তাৱিত কৰ্মচাৰী স্বাস্থ্য নিশ্চিতি আঁচনিৰ স্থিতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়।
এই বৈঠকতে সকলো চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বিল দাখিলৰ বাবে পৰ্টেল আধাৰিত জমা প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। এটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন এজনীয়া ব’ৰ্ড গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব’ৰ্ডে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱা ৰোগীৰ মাচুল পৰিমাণ মুকলি তথা প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা প’ৰ্টেল তৈয়াৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
ইফআলে অসম চৰকাৰে তামুলপুৰত এখন মাতৃ আৰু শিশু যত্ন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথাও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।