বিধানসভাত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে অসমত বিদ্যালয় পৰ্যায়ত ১৫ হাজাৰৰো অধিক শিক্ষক পদ আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১৩০০টা শিক্ষক পদ খালী হৈ আছে।
লগতে তেওঁ কয় যে ২০২১-২২ চনত প্ৰাথমিক পৰ্যায়ৰ পৰিসংখ্যাৰ তুলনাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ মুঠ নামভৰ্তি অনুপাত (জিইআৰ) নিম্নগামী ধাৰাত আছে।
কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে বিভিন্ন বিদ্যালয়ত মুঠ ১৫,৭৫২টা শিক্ষক পদ খালী হৈ আছে।
বিদ্যালয়সমূহত মুঠ ২৮৩০টা অশিক্ষক পদও এতিয়াও পূৰণ হোৱা নাই বুলিও তেওঁ কয়।
এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে প্ৰাদেশিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ ১৬৮৬টা পদ, অধ্যক্ষৰ ৩২০টা আৰু উপাধ্যক্ষৰ ৪৯৯টা পদ খালী হৈ আছে।
চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন মহাবিদ্যালয়ত ৮৬০টা সহকাৰী অধ্যাপকৰ পদ আৰু ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ত ৪৬৫টা শিক্ষক পদ খালী হৈ আছে।
কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এক প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই) ২০২১-২২ৰ তথ্য অনুসৰি অসমৰ প্ৰাথমিক শিক্ষাৰ জিইআৰ ১০৯.৯ শতাংশ। ইয়াত দেখা গ’ল যে একে সময়ছোৱাত মাধ্যমিক শিক্ষাত জিইআৰ ৭৪.৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৪০.১ শতাংশ।