ৰাজ্যত ভাদমহীয়া বানৰ সংহাৰ! ১৭ জিলাৰ ১.৯০ লাখ লোক বানৰ কবলত, এতিয়ালৈকে ১৫ জনৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাদমহীয়া বানে সৃষ্টি কৰা বিভীষিকাত পুনৰ আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। চৰকাৰী তথ্য অনুসৰি বানৰ নতুন প্ৰকোপত ১.৯০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু ঘটিছে।

বিগত কিছুদিন ধৰি ৰাজ্যত দি থকা ধাৰাসাৰ বৰষুণৰ পিছতে নৈ সমূহৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাই নৈপৰীয়া বহু অঞ্চল প্লাৱিত কৰিছে।

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু যোৰহাটৰ নিমাতিঘাটত ফেৰী সেৱা বন্ধ হৈ পৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, শিৱসাগৰ জিলাৰ ডিমৌত বানৰ কবলত পৰি শেহতীয়াকৈ এজন লোকৰ মৃত্যু ঘটে। যাৰ পিছতে এইবাৰৰ বানত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায়।

বৰ্তমান ১৭খন জিলা বানত বুৰ গৈছে। যাৰ ফলত ১,৯০,৬৭৫ জন লোক আক্ৰান্ত হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা, য’ত ৪৭,৩৩৮ জন লোক আক্ৰান্ত হৈছে, তাৰ পিছতে ধেমাজিত ৪০,৯৯৭ জন আক্ৰান্ত হৈছে।

মুঠতে ৪২৭ জন লোকে দুটা সাহায্য শিবিৰত আশ্ৰয় লৈছে, আনহাতে ৪৫টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। স্থানীয় প্ৰশাসন আৰু এছ ডি আৰ এফে বিভিন্ন ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে। বিপদসীমাৰ ওপৰেৰে বৈ যোৱা প্ৰধান নদীসমূহৰ ভিতৰত ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ আৰু যোৰহাটৰ নিমাতিঘাটৰ ব্ৰহ্মপুত্ৰ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *