ৰাজ্যত পুনৰ বানৰ সংহাৰ! ৪ খন জিলাৰ ২০ হাজাৰৰো অধিক লোক বানৰ কবলত

বাৰিষাৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ সংহাৰ। অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি ১৪ জুনলৈকে অসমৰ চাৰিখন জিলাৰ প্ৰায় ২০,৯২৫ জন লোক বানপানীৰ প্ৰথমটো সময়ত ক্ষতিগ্ৰস্ত হৈছে।

এ এছ ডি এম এৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ধেমাজিত মুঠ ১৫৭ জন লোক আক্ৰান্ত হৈছে য’ত ৬৬ জন পুৰুষ, ৬১ জন মহিলা আৰু ৩০ জন শিশু আছে।

আনহাতে, লখিমপুৰ জিলাত মুঠ ২০,৭৬৮ জন লোক আক্ৰান্ত হৈছে, য’ত ৯৬৯৮ জন পুৰুষ, ৮৬২২ জন মহিলা আৰু ২৪৪৮ জন শিশু আছে।

দুয়োখন জিলাতে মুঠ বানৰ কবলত পৰা জীৱ-জন্তুৰ সংখ্যা ১৭৮৭টা।

১৪ জুনত লখিমপুৰ জিলাৰ ৫টা মথাউৰি ভাঙি শিংৰা নদীৰ বানৰ কবলত পৰি বিভিন্ন জিলাৰ ছটা পথো ক্ষতিগ্ৰস্ত হৈছে বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে।

ইয়াত কোৱা হৈছে যে অবিৰত বৰষুণৰ পিছত বহু নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে।

ক্ষতিগ্ৰস্ত চাৰিখন জিলা হ’ল লখিমপুৰ, ধেমাজি, কাছাৰ আৰু কামৰূপ (মেট্ৰ’)।

পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৯খন গাঁও বৰ্তমান পানীৰ তলত আৰু ১৭৮৭টা জীৱ-জন্তুও এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে।

বানপীড়িত জিলাকেইখনৰ ১৩.৫০ হেক্টৰ শস্য ভূমি বানপানীত ডুব যোৱা বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে।

নগৰ অঞ্চলত কাছাৰ জিলাৰ শিলচৰত ৰাষ্ট্ৰীয় ঘাইপথ, লিংক ৰোড, অম্বিকাপাটি, এন.এছ. এভিনিউ, আৰু সোণাই ৰোড আদি পানীত বুৰ যায়।

১২ জুনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত শিলচৰ টাউনৰ বিভিন্ন অঞ্চলত বানপানী হোৱাৰ ফলত প্ৰায় ১৫ হাজাৰ বাসিন্দাৰ যথেষ্ট ব্যাঘাত জন্মিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *