ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা…

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত শ্বাহ আলম তালুকদাৰে শুকুৰবাৰে গুৱাহাটীত আৰক্ষীৰ লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলায়।

আৰক্ষী বিষয়াৰ মতে, অভিযুক্ত শ্বাহ আলমে টয়লেটৰ মগটো ভাঙি মগটোৰ ভঙা অংশটোৰে হাতখন কাটিবলৈ চেষ্টা কৰে।

উল্লেখ্য যে, ৰঞ্জিত বৰা আছিল পূৰবী ডেইৰীৰ বিতৰক। ২০২২ চনৰ ২১ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ সমীপত দুজন ব্যক্তিয়ে গুলীচালনা কৰে।

ঘটনাটো সংঘটিত হয় মৃত ৰঞ্জিত বৰাই নিজৰ গাড়ীত ধন জমা কৰিবলৈ বেংকলৈ যোৱাৰ পথত যাৰ পিছতে বাইক আৰোহী দুজন দুষ্কৃতিকাৰীয়ে তেওঁৰ ডিঙিত গুলীচালনা কৰে।

যদিও লগে লগে তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

যোৱা ৬ ফেব্ৰুৱাৰীত শ্বাহ আলমক গুৱাহাটীত ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছিল। সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড তেওঁৱেই ব্যৱসায়ীজনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *