ৰঙিয়াত বাসুদেৱ শৰ্মা শাস্ত্ৰী সোঁৱৰণী সভাত

বড়িগোগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক প্ৰয়াত বাসুদেৱ শৰ্মা শাস্ত্ৰী সোঁৱৰণী সভাখন ৮ নৱেম্বৰত ৰঙিয়াৰ নিজবাসগৃহত অনুষ্ঠিত হয়৷প্ৰাক্তন বেংক বিষয়া,সৰু জোঁৱাই উমেশ চন্দ্ৰ ভাগৱতীয়ে আঁত ধৰা সভাত পৌৰোহিত্য কৰে পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ শৰ্মাই৷গাৰ্গী আৰু আত্ৰয়ী শান্দিল্য শৰ্মাই মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে বৰপুত্ৰ তপন কুমাৰ শৰ্মাই৷শাস্ত্ৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী প্ৰতিভা দেৱীয়ে৷সভাত ’স্মৃতিৰ আঁত বিচাৰি’ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত,সহকাৰী শিক্ষাধিকাৰ,অসমৰ ড° বিমল কৃষ(Krishna) ভট্টাচাৰ্যই৷সভাত ন্যায়াধীশ থানেশ্বৰ কলিতা,পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ ডেকা,বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবু চালেহ মহঃ চালেহুদ্দিন,প্ৰাক্তন শিক্ষক দেবেন্দ্ৰ নাথ শৰ্মা,দূৰ সংযোগ বিভাগৰ প্ৰাক্তন বিষয়া দিলীপ কুমাৰ শৰ্মা,প্ৰাক্তন বিষয় শিক্ষক নৃপেন্দ্ৰ শৰ্মা,বড়িগোগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত কুমাৰ চৌধুৰী,সাংবাদিক নুৰুল হক আহমেদে শাস্ত্ৰীৰ স্মৃতি ৰোমন্হন কৰে৷উক্ত সভাত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়৷সৰু পুত্ৰ সুশীল কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *