৮০০ লোকক ডিজিটেল দক্ষতাৰে সাক্ষৰ কৰিছে এনএছডিচি আৰু আৰ্চেলৰমিট্টাল ইণ্ডিয়াই

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন (এন এছ ডি চি) আৰু আৰ্চেলৰমিট্টল নিপ্পন ষ্টীল ইণ্ডিয়া(এএম/এনএছ ইণ্ডিয়া)ই ঘোষণা কৰিছে যে ২০২২ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ অংশীদাৰিত্বই ৮০০গৰাকী উচ্চাকাংক্ষী যুৱক-যুৱতীক লৈ আৰম্ভ কৰা উদ্বোধনী প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰিছে, পৰৱৰ্তী সময়ত এই যুৱক-যুৱতীসকলৰ ৭০ শতাংশ প্ৰশিক্ষাৰ্থীয়ে কৰ্মসংস্থাপন লাভ কৰিছে। বেচপক কাৰ্যসূচীৰ জৰিয়তে ডিজিটেল আৰু প্ৰযুক্তি দক্ষতা প্ৰশিক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে, যাতে বিভিন্ন উদ্যোগত কৰ্মশক্তিৰ প্ৰৱেশত সহায় হ’ব পাৰে। মুঠ ৫৬১গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৬০%তকৈ অধিক মহিলাই চাকৰি লাভ কৰিছিল।

এনএছডিচি আৰু এএম/এনএছ ইণ্ডিয়াই আহি থকা দিনবোৰত ওড়িশাৰ কেন্দ্ৰপাৰা, সুন্দৰগড় আৰু কেওঝাৰ জিলাত তিনিটা নতুন দক্ষতা বিকাশ কেন্দ্ৰ আৰু ছত্তীশগড়ৰ দাণ্টেৱাড়াত এটা কেন্দ্ৰ স্থাপন কৰি নতুনকৈ ৮০০ লোকক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছে। এই বিষয়ে এনএছডিচিৰ চিইঅ’ তথা এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদ মণি তিৱাৰীয়ে কয় যে, “ব্যক্তিগত খণ্ডত অধিক জড়িত হোৱা, ছেক্টৰৰ সামৰ্থ্য বৃদ্ধি কৰা, উদ্ভাৱনক উৎসাহিত কৰা আৰু কৰ্মশক্তিলৈ নিজৰ পৰিৱৰ্তন সৰল কৰাৰ বাবে এএম/এনএছ ইণ্ডিয়াৰ সৈতে আমাৰ অংশীদাৰিত্বৰ সম্ভাৱনাক লৈ আমি উৎসাহী আৰু আশাবাদী।”

২০২২ চনত এ এম/এন এছ ইণ্ডিয়া আৰু এনএছডিচিয়ে সহযোগিতা কৰি ওড়িশা, ছত্তীশগড়, গুজৰাট আৰু মহাৰাষ্ট্ৰত চাৰিটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিছিল। এই কেন্দ্ৰসমূহে শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনৰ কামৰ পৰিৱেশ আৰু পেছাদাৰী আবেদন বা প্ৰয়োগৰ সুযোগ প্ৰদান কৰিছিল। এই সংস্থাসমূহে শক্তিশালী মূল্যায়ন আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *