৭ টা কোম্পানীয়ে অসমত বিনিয়োগ কৰিব ২,০০০ কোটি টকা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত যোৱা ১৪ মাহত ১৩,৩৬৪ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে, যাৰ ফলত ১৭,০০০ ৰো অধিক লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব। অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি (আইআইপিএ), ২০১৯-ৰ অধীনত ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা ২১ টা প্ৰস্তাৱৰ জৰিয়তে এই বিনিয়োগ প্ৰাপ্ত কৰা হৈছে। তেওঁ শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয়, “১০০ কোটি টকা আৰু অধিক টকাৰ এনে বিনিয়োগ আকৰ্ষিত কৰিবলৈ ২০২৩ চনত আইআইপিএ সংশোধন কৰা হৈছিল, য’ত ২০০ বা ততোধিক স্থায়ী নিযুক্তিৰ সুযোগ সৃষ্টি হয়।” তেওঁ কয় যে যদিও আগতে ১৪ টা প্ৰস্তাৱৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, শুকুৰবাৰে আৰু সাতখন চুক্তি স্বাক্ষৰিত হয়।
আমি জানুৱাৰী, ২০২৩ ত বৃহৎ বিনিয়োগকাৰীসকলৰ বাবে উদগনি অনুকূলিত কৰাৰ বাবে এক নীতি ঘোষণা কৰিছিলো। আজি আৰু সাতটা কোম্পানীয়ে ২,০০০ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে ৬,৫০০ টা চাকৰি সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিৰ জৰিয়তে যোৱা ১৪ মাহত অসমে ১৩,৩৬৪ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিছে আৰু ১৭,৭০০ টা চাকৰি সৃষ্টি হৈছে। এই বুজাবুজি চুক্তিস্বাক্ষৰ কৰা কোম্পানীবোৰৰ ভিতৰত আছে পেপচিকো ইণ্ডিয়া, ষ্টাৰ চিমেণ্ট, জেৰিকো কেমিকেলছ, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড, মেক্সিম ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আৰু টপচেম ইণ্ডিয়া এলএলপি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *