৬ হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু হোমগাৰ্ড…

দৰমহাৰ টকাৰে পেট নভৰা ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে গেলাইছে চৰকাৰী বিভাগ।

ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ মইমতালি।

এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী উপপৰিদৰ্শক আৰু অৱসৰপ্ৰাপ্ত হোম গাৰ্ড।

ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োজনক।

ধৃত উপ-পৰিদৰ্শকজনৰ নাম ৰহিজুদ্দিন আহমেদ।

আনহাতে ধৃত প্ৰাক্তন হোমগাৰ্ডজন হৈছে সোণাৰুদ্দিন শ্বেইখ।

জানিব পৰা মতে, গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবদ এজন আচামীৰ পৰা ৬ হাজাৰ টকাৰ উৎকোচ লৈছিল দুয়োজনে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *