৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে। অসুস্থ পত্নীক দেখা কৰিবলৈ স্বগৃহত উপস্থিত হয় ছিছ’দিয়া। কটকটীয়া নিৰাপত্তাৰ মাজতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক ঘৰলৈ লৈ যায়। উল্লেখ্য যে চিছ’দিয়াই তেওঁৰ পত্নীক লগ পাইছে সেই ঘৰত যিটো ঘৰ এতিয়া আনুষ্ঠানিকভাৱে আতিশীক দিল্লী চৰকাৰে আবণ্টন দিছে। এই ঘৰটো আগতে তেতিয়াৰ মন্ত্ৰী মনীষ ছিছ’দিয়াৰ নামত আবণ্টন দিয়া হৈছিল।

দিল্লী সুৰা কেলেংকাৰিত জেলত আছে ছিছ’দিয়া। কালি আদালতে তেওঁক ৬ ঘণ্টাৰ বাবে পত্নীক লগ কৰাৰ অনুমতি দিছিল, সেই অনুসৰি ছিছ’দিয়াই পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰি আছে।

এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ বা কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰিবলৈও আদালতে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে ছিছ’দিয়াই পাঁচ দিনৰ বাবে পত্নীক লগ কৰাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল। যিটো আদালতে নাকচ কৰিছিল।

ৰাউজ এভিনিউ আদালতত শুনানিৰ সময়ত আপ নেতা ছিছ’ডিয়াৰ হৈ হাজিৰ হোৱা অধিবক্তাই কয় যে যদি ৫ দিন সম্ভৱ নহয় তেন্তে ২ দিনৰ অনুমতি দিয়ক। লগতে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ উদ্ধৃতি দি কয় যে উচ্চ ন্যায়ালয়ে পূৰ্বে পত্নীক এইদৰে সাক্ষাৎ কৰাৰ অনুমতি দিছিল যদিও আদালতে এই যুক্তিৰ সৈতে একমত নহয়। আৱেদনৰ শুনানিৰ সময়ত চিবিআইয়ে ছিছ’দিয়াৰ আৱেদনৰ তীব্ৰ বিৰোধিতা কৰে।

সুৰা কেলেংকাৰিৰ অভিযোগত যোৱা ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিছ’দিয়াক। পিছত বলবৎ সঞ্চালকালয়ে চিছ’দিয়াক তিহাৰ কাৰাগাৰত সোধা-পোছা কৰি যোৱা ৯ মাৰ্চত চিবিআইৰ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইডি আৰু চিবিআই দুয়োটা গোচৰতে মনীষ ছিছ’দিয়া আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *