৫ অক্টোবৰলৈ কলকাতা, আছানচোল, ভুৱনেশ্বৰ, ধনবাদ আৰু জামছেদপুৰৰ ক্ৰোমা বিপনিত বিক্ৰী উপলব্ধ

টাটা গ্ৰুপৰ ভাৰতৰ প্ৰথম আৰু নির্ভৰযোগ্য অমনি চেনেল ইলেক্ট্ৰনিক্স ৰিটেইলাৰ ক্ৰোমাই বহু আকৰ্ষণীয় অফাৰৰ সৈতে ডিজিটেল ফিল্ম আৰু ফেষ্টিভ চেলৰ সৈতে দুৰ্গা পুজো উদযাপনৰ কথা ঘোষণা কৰিছে। যি সময়ত সকলোৱে পুজোৰ উৎসৱৰ উন্মাদনাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনে সময়ত ক্ৰোমাই বহুতো লাভজনক অফাৰৰ সৈতে উত্তেজনাত যোগদান কৰিবলৈ সাজু হৈছে, যাৰ ফলত ইয়াৰ গ্ৰাহকসকলক দৈনিক বাম্পাৰ পুৰস্কাৰ জিকাৰ এক বৃহৎ সুযোগ প্ৰদান কৰিছে। এই অফাৰটো ৫ অক্টোবৰ, ২০২২ লৈকে বৈধ থাকিব কলকাতা, আছানচোল, ভুৱনেশ্বৰ, ধনবাদ আৰু জামছেদপুৰৰ সকলো ক্ৰোমা বিপনি আৰু croma.comত।

উৎসৱৰ উত্তেজনা আৰু আৱেগ বৃদ্ধি কৰি ক্ৰোমাই ইয়াৰ হৃদয়স্পৰ্শী ডিজিটেল চলচ্চিত্ৰ #CroMaaAsche জৰিয়তে পুজো অভিযানক জীৱন্ত কৰি তোলিছে। য’ত প্ৰতিটো পৰিয়ালৰ এক সাধাৰণ দৃশ্যত সকলোৱে সংযোগ স্থাপন কৰিব পাৰে। লগতে এটা ভাগ্যৱান ড্ৰ প্ৰতিযোগিতা আছে, য’ত ক্ৰেতাসকলে ইয়াছ দ্বীপ, আবু ধাবি নাইবা কলকাতাত ৪-নিশা কটোৱাৰ সুযোগ পাব। অন্যান্য ভাগ্যৱান বিজয়ীসকলেও প্ৰতিদিনে ১০,০০০ টকাৰ উপহাৰ ভাউচাৰ, ৰোমাঞ্চকৰ ইলেক্ট্ৰনিক সামগ্ৰী আৰু বহুতো জিকাৰ সুযোগ পাব।

এই উৎসৱৰ সময়ছোৱাত বিজয়ীসকলক প্ৰতিদিনে ঘোষণা কৰা হ’ব। ক্ৰোমা-ইনফিনিটি ৰিটেইল লিমিটেডৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত অভিজিত মিত্ৰাই কয়, “আমি ব্যতিক্ৰমী অফাৰ আৰু ৰোমাঞ্চকৰ গেজেট সমূহ প্ৰস্তুত কৰিছো আৰু আমি দুৰ্গা পুজো চেলত আমাৰ গ্ৰাহকসকলক এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *