৫৫ ৰাষ্ট্ৰৰ আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্তৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নতুন দিল্লীত আৰম্ভ হোৱা জি-২০ সন্মিলনত এই কথা ঘোষণা কৰে।
জি-২০ সন্মিলনৰ পূৰ্বে ঘোষণাৰ ওপৰত কাম কৰি থকা সদস্য দেশসমূহৰ শ্বেৰ্পাসকলৰ এখন বৈঠকত এই বিষয়ে আলোচনা কৰা হৈছিল।
জি-২০ সন্মিলনত ৫৫ ৰাষ্ট্ৰৰ আফ্ৰিকান ইউনিয়নে এই সংগঠনটোৰ সদস্যপদ লাভ কৰিছে। গ্লোবেল চাউথ’ৰ নেতৃত্ব দিয়াৰ ভাৰতৰ উচ্চাকাংক্ষাত ইয়াক এক নতুন শক্তি হিচাপে গণ্য কৰা হৈছে। জি-২০ৰ ৫৫ খন দেশৰ আফ্ৰিকান ইউনিয়নৰ সদস্যপদ লাভৰ প্ৰচেষ্টাক ভাৰত আৰু চীনৰ মাজত ‘গ্লোবেল চাউথ’ৰ নেতা হোৱাৰ প্ৰতিযোগিতা হিচাপেও দেখা গৈছে। ভাৰতে এই কথাৰ কৃতিত্ব ল’ব পাৰে যে আফ্ৰিকান ইউনিয়নক তেওঁলোকৰ অধ্যক্ষতাত আয়োজিত জি-২০ সন্মিলনত জি-২০ৰ সদস্যপদ প্ৰদান কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *