ঘোচ বিচাৰি চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাৰী জিলা উপায়ুক্তই। ৰাজ্য চৰকাৰে উৎকোচৰ অভিযোগত নিলম্বন কৰে কামৰূপৰ সহকাৰী জিলা উপায়ুক্ত দিপাংকৰ কলিতাক।
জানিব পৰা মতে, বিষয়াগৰাকীয়ে নিজৰ বিভাগৰ চৰকাৰী ফাইল পাছ কৰিবলৈ ধন দাবী কৰাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেন্সৰ দলে।
২০২৩ চনৰ ১৬ অক্টোবৰত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ বিষয়াসকলে আৰম্ভ কৰা ফান্দ অভিযানতহে ৩০০০ টকাৰ দাবী উৎকোচ ধন গ্ৰহণ কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰে অভিযুক্ত এচিএছ বিষয়াজনক।
পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছত দিপাংকৰ কলিতাক গ্ৰেপ্তাৰ কৰি বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয় আৰু পুংখানুপুংখ জেৰা আৰু প্ৰয়োজনীয় অনুসৰণমূলক ব্যৱস্থাৰ বাবে চাৰিদিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডত লোৱা হয়।
তদুপৰি, ৰাজ্যপালে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কলংকিত বিষয়াজনক গ্ৰেপ্তাৰৰ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কাৰ্যকৰীভাৱে সেৱাৰ পৰা নিলম্বিত কৰিছে।