প্ৰযোজক-ব্যৱসায়ী অজয় কুমাৰ সিঙক প্ৰায় ৩ কোটি টকা চেক বাউন্সেৰে প্ৰতাৰণা কৰাৰ অভিযোগত অভিনেত্ৰী অমীশা পেটেলে শনিবাৰে ৰাঁচীৰ দেৱানী আদালতত আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণ কৰাৰ পিছতে চৰ্তসাপেক্ষ জামিন লাভ কৰে অভিনেত্ৰীগৰাকীয়ে।
অভিনেত্ৰীগৰাকীয়ে মুখ ঢাকি আদালতৰ পৰা ওলাই অহাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছে।