৩ আগষ্টৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ শৃংখলা

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া শৃংখলাৰ নিৰ্ণায়ক মেচখন অনুষ্ঠিত হয়। ইয়াৰ মাত্ৰ দুদিন পিছত ৩ আগষ্টৰ তাৰিখৰ পৰা পাঁচখন খেলৰ টি-২০ শৃংখলা খেলা হ’ব। টি-২০ শৃংখলাৰ প্ৰথমখন খেল ত্ৰিনিদাদত অনুষ্ঠিত হ’ব, গায়ানাত দ্বিতীয় আৰু তৃতীয়খন মেচ আৰু তাৰ পিছত অন্তিম দুখন মেচ ফ্লৰিডাত অনুষ্ঠিত হ’ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দুয়োটাই টি-২০ শৃংখলাৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিছে। টীম ইণ্ডিয়াৰ দায়িত্ব হাৰ্দিক পাণ্ডিয়াৰ হাতত অৰ্পণ কৰিছে। ৱেষ্ট ইণ্ডিজ দলটোক ৰোভমেন পাৱেলে নেতৃত্ব দিব। টীম ইণ্ডিয়া তৰুণ খেলুৱৈৰে সজ্জিত। একে সময়তে, ৱেষ্ট ইণ্ডিজে জ্যেষ্ঠ-কনিষ্ঠ সকলোকে লগতলৈ দল বাছনি কৰিছে। উল্লেখ্য যে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা টি-২০ শৃংখলাৰ সকলোবোৰ খেল ভাৰতীয় সময় মতে সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব। একে সময়তে, খেলখনৰ টছ সন্ধিয়া ৭:৩০ বজাত হ’ব। ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ৱেষ্ট ইণ্ডিজৰ দলঃ ৰোভমেন পাৱেল (অধিনায়ক), কাইল মেয়াৰ্ছ (উপ-অধিনায়ক), জনছন চাৰ্লছ, ৰষ্টন চেজ, চিমৰন হেটমেয়াৰ, জেচন হোল্ডাৰ, শ্বাই হোপ, আকিল হোছেইন, আলজাৰি জোছেফ, ব্ৰেণ্ডন কিং, ওবেড মেককয়, নিকোলাছ পুৰান, ৰোমাৰিঅ শ্বেফৰ্ড, অডিয়ান স্মিথ, অ’ছেন থমাছ। ৱেষ্ট ইণ্ডিজৰ বাবে ভাৰতৰ টি-২০ দলঃ ঈশান কিষাণ (উইকেটকীপাৰ), শুভমান গিল, যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (উপ-অধিনায়ক), সঞ্জু চেমচন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), অক্সাৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৰবি বিষ্দীপ, অৰ্শদ্বীপ সিং, উমৰান মালিক,আবেশ খান আৰু মুকেশ কুমাৰ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *