ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক আক্ৰমণৰ ফলত উদ্ভৱ হোৱা অসুবিধাৰ বাবে কাজাখস্তানে অস্বীকাৰ কৰাৰ পিছত ৩০ মে’ৰ পৰা ৬ জুনলৈ দিল্লীত এছিয়ান পেৰা চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।চেম্পিয়নশ্বিপখন দিল্লীৰ যমুনা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’ব। আৰ্চাৰী এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক প্ৰমোদ চাণ্ডুৰকাৰে এই কথা নিশ্চিত কৰি কয়, ‘প্ৰতিযোগিতাখন দিল্লীৰ যমুনা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’ব।’ বিশ্ব আৰ্চাৰী এছিয়াৰ কাৰ্যকৰী সমিতিৰ সদস্য চান্দুৰকাৰে কয়, ‘কাজাখস্তানে বৰ্তমানৰ সংকটৰ বাবে ইয়াক আয়োজন কৰিবলৈ অক্ষম হোৱা বুলি প্ৰকাশ কৰিছে আৰু আমি ইয়াক আয়োজন কৰিবলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছো। যদি সময় কম হয়, ই প্ৰত্যাহ্বানজনক হ’ব কিন্তু আমি সাজু।’ উল্লেখ্য যে কাজাখস্তান ৰাছিয়াৰ সীমান্তবৰ্তি দেশ। তেওঁলোকে দুসপ্তাহ আগতে বিশ্ব আৰ্চাৰী এছিয়াক তেওঁলোকৰ সিদ্ধান্ত জনায়। ভাৰতত আৰ্চাৰীৰ অন্তিমটো মুখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল ২০১০ ৰ কমনৱেলথ গেমছ আৰু কমনৱেলথ চেম্পিয়নশ্বিপও একে বছৰতে অনুষ্ঠিত হৈছিল। ভাৰতত এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০০৫ চনত দিল্লীত তিনিবাৰ, ১৯৮০ আৰু ১৯৮৮ চনত কলকাতাত অনুষ্ঠিত হৈছিল।