২.৫ মিলিয়ন গাড়ী নিৰ্মাণৰ মাইলষ্টন অৰ্জনৰ কথা ঘোষণা ৰেন’ল্ট নিছান ইণ্ডিয়াৰ

ৰেন’ল্ট নিছান অটোমোটিভ প্ৰাইভেট লিমিটেডে অত্যাধুনিক চেন্নাই উৎপাদন কেন্দ্ৰত ২.৫ মিলিয়ন গাড়ী নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা ১৩ বছৰত এলায়েন্স প্লাণ্টে উৎপাদনৰ উৎকৃষ্টতাৰ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে গড়ে ১.৯২ লাখ (১৯২,০০০) ৰেন’ল্ট আৰু নিছান গাড়ী নিৰ্মাণ কৰিছে, যি হৈছে প্ৰতি তিনি মিনিটত এখন গাড়ী উৎপাদনৰ সমতুল্য। ৰেন’ল্ট আৰু নিছান প্লাণ্টে কাম আৰম্ভ হোৱাৰ পৰাই ২০খন গাড়ীৰ মডেল উৎপাদন অথবা প্ৰস্তুত কৰে।

৬০০ একৰৰো অধিক ভূমিত অৱস্থিত চেন্নাইৰ এলায়েন্স প্লাণ্টে ভাৰতীয় বজাৰৰ বাবে বাহন নিৰ্মাণ কৰি চেন্নাইক অটোমোটিভ ৰপ্তানিৰ এক প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। আৰএনএআইপিএলে মধ্যপ্ৰাচ্য, ইউৰোপ, লেটিন আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়া, ছাৰ্ক দেশসমূহ আৰু উপ-চাহাৰা আফ্ৰিকাসহ বিশ্বৰ ১০৮টা গন্তব্যস্থানলৈ ১১.৫ মিলিয়নতকৈ অধিক বাহন ৰপ্তানি কৰিছে। এই মাইলষ্টনৰ বিষয়ে মন্তব্য কৰি নিছান ইণ্ডিয়াৰ প্ৰেচিডেণ্ট ফ্ৰেংক টৰেছে কয় যে, “আহি থকা দিনত আমি ভাৰতত আমাৰ নতুন বিনিয়োগ আৰু আমাৰ বিশ্বব্যাপী দক্ষতাৰ সুবিধা গ্ৰহণ কৰিম যাতে বিকাশৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰা সামগ্ৰীৰ এক সঁচাকৈয়ে ব্যতিক্ৰমী লাইনআপ উলিয়াই আনিব পাৰি।”

ভাৰতত ৬০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰি ৰেন’ল্ট নিছান এলায়েন্সে নতুন সামগ্ৰী, প্ৰযুক্তি, উৎপাদন, অনুসন্ধান আৰু বিকাশৰ বাবে আৰএনএআইপিএলত ছখন বৈদ্যুতিক বাহনৰ জৰিয়তে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *