২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত ১২ দিনীয়া অসম গ্ৰন্থমেলা

কাইলৈ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশ আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা। ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আজি এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে ধেমাজি, নলবাৰী আৰু যোৰহাটত অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পিছত গুৱাহাটীত এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে। ইয়াত ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১৫০ টা প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিব। ইয়াৰ ভিতৰত আছে দিল্লীৰ ১০টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ১টা, ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্ৰকাশন গোষ্ঠী। সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰি কয় যে কাইলৈ বিয়লি ৪বজাত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। গ্ৰন্থমেলা উদ্বোধন কৰিব আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচন্তাৰাই। উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট লেখক, সাহিত্য-সমালোচক ডঃ গোবিন্দপ্ৰসাদ শৰ্মা। গ্ৰন্থমেলাত প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ৩০ ডিচেম্বৰৰ বিয়লি ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচন্তাৰাৰ সৈতে অন্তৰংগ আলাপ। আজি সংবাদমেলতে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’ প্ৰাপকৰ নাম ঘোষণা কৰে। এইবাৰ এই বঁটা লাভ কৰিছ বিশিষ্ট কথা-শিল্পী ডঃ প্ৰণৱজ্যোতি ডেকাই। তেওঁ বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা ‘শ্রেষ্ঠ গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বঁটা লাভ কৰিছে। এই বঁটাত আছে লেখেকৰ বাবে ৫ লাখ টকাৰ লগতে প্ৰশস্তি-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা আৰু প্ৰকাশৰ বাবে ৩ লাখ টকাৰ লগতে প্ৰশস্তি-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হ’ব। আজিৰ সংবাদ মেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামী, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *