২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি আত্মসাৎ কৰিছে গৌতম আদানীয়ে! পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ

পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত তেওঁ কয় যে আদানী গ্ৰুপে ২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি টকা আত্মসাৎ কৰিছে। আদানী আৰু কয়লাৰ ৰহস্যজনক মূল্য সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে। ৰাহুলে কয় যে এই প্ৰতিবেদন লণ্ডনৰ ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছে।

সংবাদমেলত ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কয় – ”আগতে আমি ২০ হাজাৰ কোটি টকাৰ কথা পাতিছিলোঁ আৰু প্ৰশ্ন কৰিছিলোঁ যে কাৰ টকা আৰু ক’ৰ পৰা আহিছে?’ এতিয়া প্ৰকাশ পাইছে যে ২০ হাজাৰ কোটি টকাৰ পৰিসংখ্যা ভুল আছিল, তাৰ লগত ১২ হাজাৰ কোটি টকা যোগ কৰা হৈছে আৰু মুঠ পৰিসংখ্যা ৩২ হাজাৰ কোটি টকা হৈছে। আদানী জীয়ে ইণ্ডোনেছিয়াত কয়লা ক্ৰয় কৰে আৰু ভাৰত পোৱাৰ সময়লৈকে ইয়াৰ হাৰ সলনি হয়, কয়লাৰ হাৰ দুগুণ হয়। এইদৰে তেওঁ আৰু ১২ হাজাৰ কোটি টকা আত্মসাৎ কৰিছে।’’ ৰাহুল গান্ধীয়ে কয় যে আদানী গ্ৰুপে ভাৰতৰ জনসাধাৰণৰ পকেটৰ পৰা ১২ হাজাৰ কোটি টকা সৰকাইছে। কয়লাৰ দাম ভুল দেখুৱাই বিদ্যুতৰ দাম বৃদ্ধি কৰা হৈছে আৰু জনতাৰ ধন কাঢ়ি নিছে।

ৰাহুল গান্ধীয়ে কয়, ”কৰ্ণাটকত বিদ্যুৎ ৰাজসাহায্য দিয়া হৈছে, মধ্যপ্ৰদেশত ৰাজসাহায্যৰ প্ৰস্তুতি চলি আছে। বিদ্যুতৰ বিল বৃদ্ধি পাইছে। ইয়াৰে আদানী জীয়ে আপোনাৰ পকেটৰ পৰা ১২ হাজাৰ কোটি টকা লৈ গ’ল। মই নহয়, কিন্তু ফাইনেন্সিয়েল টাইমছ লণ্ডনৰ ৰিপৰ্টত এই কথা কৈছে।’’ ৰাহুল গান্ধীয়ে কয়, ”এই কাহিনীটো আহে কিন্তু ভাৰতৰ সংবাদ মাধ্যমে এটাও প্ৰশ্ন কৰা নাই। কোনো মিডিয়া চেনেল এই বিষয়ত আগ্ৰহী নহয়।’’ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি এই সমগ্ৰ বিষয়ত নেক্সাছৰ অভিযোগ উত্থাপন কৰে।

আদানী বিষয়ত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া একত্ৰিত হৈ থকাৰ পাছতো শৰদ পাৱাৰৰ আদানীৰ সৈতে হোৱা বৈঠকক লৈ প্ৰশ্ন উত্থাপন নহ’লেও কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে, ‘মই শৰদ পাৱাৰক এই প্ৰশ্নটো সোধা নাছিলোঁ কাৰণ তেওঁ প্ৰধানমন্ত্ৰী নহয়। শৰদ পাৱাৰে আদানীক বচাব পৰা নাই, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক বচাইছে, সেইবাবেই মই তেওঁক এই প্ৰশ্নটো সুধিলোঁ। যদি শৰদ পাৱাৰ প্ৰধানমন্ত্ৰী হৈ আদানীক বচালেহেঁতেন তেন্তে মই এই প্ৰশ্নটো শৰদ পাৱাৰক সুধিলোঁহেঁতেন।’’

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *