২০৪৫ চনৰ ভিতৰত কাৰ্বন নিৰপেক্ষতাৰ লক্ষ্যৰ দিশত RNAIPLৰ অগ্ৰগতি

২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বেই ৰেন’ল্ট নিছান অটোমোটিভ প্ৰাইভেট লিমিটেডে(RNAIPL) তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে। ৰেন’ল্ট নিছান অটোমোটিভ প্ৰাইভেট লিমিটেডে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উন্মোচন কৰা ২০৪৫ চনৰ কাৰ্বন নিৰপেক্ষতাৰ লক্ষ্যৰ দিশত বিশেষ অগ্ৰগতি লাভ কৰিছে আৰু ২০৩০ চনৰ ভিতৰত RNAIPL-এ কেইবাটাও গুৰুত্বপূৰ্ণ বহনক্ষমতাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিব।

RNAIPLৰ কাৰ্বন নিৰপেক্ষতা ৰোডমেপে সেউজ শক্তিৰ অংশ বৃদ্ধি কৰা, শক্তিৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু ইয়াৰ অৰেগাডাম প্লাণ্টত শক্তি দক্ষ প্ৰযুক্তি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত ইতিমধ্যে ২০২২-২৩ বিত্তীয় বৰ্ষলৈকে বাহন নিৰ্মাতা প্ৰতিষ্ঠানটোৱে বছৰি ৮৭,৫০০ টন CO2(কাৰ্ডন-ডাই-অক্সাইড) নিৰ্গমন হ্ৰাস কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি RNAIPL-এ নিজৰ ৬০% শক্তি নবীকৰণযোগ্য উৎসৰ পৰা আহৰণ কৰে আৰু ২০২৬ চনৰ ভিতৰত ইয়াৰ আভ্যন্তৰীণ সৌৰ উদ্যোগৰ ক্ষমতা ২.২ মেগাৱাটৰ পৰা ১৪ মেগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰে ৮৫% শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ দিশত তেওঁলোকে কাম কৰি আছে।

অহা ২০৪৫ চনৰ ভিতৰত ১০০% নবীকৰণযোগ্য শক্তিলৈ যাতে ৰূপান্তৰ কৰিব পাৰি তাৰ ওপৰত বিশেষভাৱে কাম কৰি আছে। আৰএনএআইপিএলৰ পৰিচালন সঞ্চালক কীৰ্তি প্ৰকাশে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে: “RNAIPL হৈছে ৰেন’ল্ট নিছান এলায়েন্সৰ ভিতৰত উৎপাদন সুবিধাসমূহৰ গ্লবেল নেটৱৰ্কৰ ভিতৰত শক্তি দক্ষতা আৰু স্থিৰতা কাৰ্যকলাপৰ ক্ষেত্ৰত আগশাৰীৰ অংশীদাৰ। আমি কেৱল এলায়েন্সৰ ভিতৰতেই নহয়, উদ্যোগটোৰ ভিতৰতো এই স্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *