২০২৩ চনৰ ৩০ জুনলৈকে বন্ধন বেংকৰ মুঠ ব্যৱসায় হৈছেগৈ ২.১১ লাখ কোটি টকা

বন্ধন বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় লেনদেনৰ তথ্য প্ৰকাশ কৰিছে। বেংকৰ ডাইভাৰ্চিফিকেচন এজেণ্ডা(বৈচিত্ৰ্যকৰণ কাৰ্যসূচী)ৰ সৈতে সংগতি ৰাখি বেংকৰ ৰিটেইল লোন বুক শক্তিশালী ৰূপত ৮৭% বৃদ্ধি পাইছে। মুঠ জমা ধনৰ বেংকৰ খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৭১%। এই ত্ৰৈমাসিকত বেংকে প্ৰতিষ্ঠাৰ ৮ বছৰতকৈও কম সময়ৰ ভিতৰত ব্ৰাঞ্চ(শাখা)ৰ উপস্থিতি তিনিগুণ বৃদ্ধি কৰি আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে।

২০২৩ চনৰ ৩১ মাৰ্চলৈকে বন্ধন বেংকৰ মুঠ ব্যৱসায় (ডিপজিট আৰু অগ্ৰিম) প্ৰতি বছৰে বৃদ্ধি পাই ১১% বৃদ্ধিৰে ২.১১ লাখ কোটি টকা হৈছেগৈ। বেংকে ভাৰতৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৩৪ খনতকৈও অধিক ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত বেংকিং আউটলেট(বিপণী) স্থাপনৰ জৰিয়তে ৩.০৭ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে। বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে বৰ্তমান ৭২,০০০ৰো অধিক।

২০২৪ বিত্তীয় বৰ্ষৰ অন্তিম প্ৰথম ত্ৰৈমাসিকত বেংকৰ ডিপজিট বুক(জমা ধন) পূৰ্বৰ বছৰৰ একে ৩মাহৰ তুলনাত ১৬%তকৈ অধিক বৃদ্ধি হৈছে। বন্ধন বেংকৰ মুঠ জমা এতিয়া ১.০৮ লাখ কোটি টকা। কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্ট(চিএ)ৰ অনুপাত এতিয়া সামগ্ৰিক ডিপজিট বুক(জমা ধন)ৰ ৩৬% হৈছেগৈ। এই সন্দৰ্ভত সদৰি কৰি বন্ধন বেংকৰ এম ডি তথা চিইঅ’ চন্দ্ৰশেখৰ ঘোষে কয় যে, “যোৱা বছৰ আৰু এই বৰ্ষত আৰম্ভ কৰা সকলো নতুন ব্যৱসায়িক ক্ষেত্ৰত আমি আগন্তুক বিত্তীয় বৰ্ষত ভাল ব্যৱসায় কৰাৰ ওপৰত আমি যথেষ্ট আত্মবিশ্বাসী।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *