ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি হোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপছিয়ে সমগ্ৰ ভাৰতৰ লাখ লাখ গ্ৰাহকক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যোৱা এটা বছৰত এই প্লেটফৰ্মে ইউনিট, গ্ৰাহক আৰু বিক্ৰেতাৰ ৩গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, ডাউনলোড হৈছে ১৭৫ মিলিয়নতকৈ অধিক এপ।
শ্বপছিয়ে কাছাৰ, গাজীপুৰ, হামিৰপুৰ, প্ৰতাপগড় আৰু উনাকে ধৰি টায়াৰ-২ আৰু টায়াৰ-৩ অঞ্চলৰ শেষ প্ৰান্তৰ ৩৫০টা নতুন পিন ক’ডলৈ ডেলিভাৰী সম্প্ৰসাৰণ কৰিছে। এই বজাৰ কৰা সকলৰ মাজৰ বহু নতুন গ্ৰাহক ২৬-৪৫ বছৰ বয়সৰ মহিলা আৰু টায়াৰ-২ আৰু টায়াৰ-৩+ চহৰৰ গৃহিণী। এই বৰ্ষৰ মাৰ্চ মাহত ১৭৫ মিলিয়নতকৈ অধিক লোকে শ্বপছিৰ এপ ডাউনলোড কৰিছে, য’ত ৯০% নতুন লেনদেনকাৰী গ্ৰাহকেই ৩৫ বছৰৰ তলৰ। এই বিষয়ে ফ্লিপকাৰ্ট শ্বপচিৰ মুৰব্বী কপিল থিৰাণীয়ে কয় যে, “এই শ্বপচি দেশৰ বজাৰ কৰা লোকসকলৰ লগতে বিক্ৰেতাৰ বাবেও অন্যতম পছন্দৰ অনলাইন শ্বপিং গন্তব্যস্থলী ৰূপে পৰিগণিত হৈছে।”
শ্বপছি হৈছে ভাৰতৰ এক জনপ্ৰিয় ই-কমাৰ্চ প্লেটফৰ্ম, ইয়াৰ ৭০% গ্ৰাহক টায়াৰ-২ আৰু টায়াৰ-৩ অঞ্চলৰ আৰু ৪০% ই হৈছে প্ৰথমবাৰৰ বাবে গ্ৰাহক। ই ভাৰতৰ যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত আৰু বাজেট অনুকূল ই-কমাৰ্চৰ বিকল্প প্ৰদান কৰে। ইয়াক গতি প্ৰদান কৰাত সহায় কৰিছে শেহতীয়া বিপণন অভিযান আৰু ফ্লেগশ্বিপ শ্বপিং কাৰ্নিভাল ‘আজ শ্বপছি কিয়া ক্যা’ই।