২০২২ৰ এপ্ৰিল-২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত ষ্টাৰ হেল্থৰ ৩ কোটি টকাতকৈ অধিক মূল্যৰ ক্লেইম নিষ্পত্তি

ভাৰতৰ আগশাৰীৰ স্বতন্ত্ৰ স্বাস্থ্য বীমা প্ৰতিষ্ঠান ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানীয়ে ঘোষণা কৰে যে, বিগত ১৮ মাহৰ ভিতৰত অৰ্থাৎ ২০২২ৰ এপ্ৰিলৰ পৰা ২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত ৩ কোটি টকাৰ অধিক মূল্যৰ ক্লেইম নিষ্পত্তি কৰিছে। ষ্টাৰ হেলথে ডিব্ৰুগড়ত কেছলেচ ক্লেইম চেটলমেণ্ট(নগদবিহীন দাবী নিষ্পত্তি) আৰু ১ কোটি টকাৰ ওপৰত ধন পৰিশোধৰ ক্লেইম নিষ্পত্তি কৰিছে। গ্ৰাহকৰ প্ৰতি নিজৰ দায়বদ্ধতা ৰক্ষা কৰি প্ৰতিষ্ঠানটোৱে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত সকলো নগদবিহীন দাবী নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে।

বেছিভাগ ক্ষেত্ৰতে নগদবিহীন চিকিৎসাৰ বাবে প্ৰাৰম্ভিক অনুমোদন ২ ঘণ্টাৰ ভিতৰত দিয়া হৈছে। কোম্পানীটোৱে ক্লেইম ছিবমিছন(দাবী দাখিল)ৰ ৭ দিনৰ ভিতৰত পৰিশোধ দাবী(ৰিইম্বৰ্ছমেণ্ট ক্লেইম)ৰ পৰিশোধ কৰিবলৈ চেষ্টা কৰিছে যাতে গ্ৰাহকসকলে ৰিইম্বৰ্ছমেণ্ট ৰুট(পৰিশোধ পথ)ৰ জৰিয়তেও নিষ্পত্তিত অসুবিধাৰ সন্মুখীন নহয়।

ডিব্ৰুগড়ত বেছিভাগ ক্লেইম ক্লেইম পে-আউটত ২ কোটি টকাৰ অস্ত্ৰোপচাৰ চিকিৎসাৰ বাবে আছিল। পৰিশোধ কৰা মুঠ দাবীৰ ভিতৰত মহিলাসকলে কৰা ক্লেইমৰ বাবে ১ কোটি টকা পৰিশোধ কৰা হৈছিল আৰু ডিব্ৰুগড়ত পুৰুষে কৰা ক্লেইমৰ বাবে আন ২ কোটি টকা পৰিশোধ কৰা হৈছিল। ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডৰ চীফ ক্লেইম অফিচাৰ সনত কুমাৰ কেই দ্ৰুততাৰে ডিব্ৰুগড় চহৰত নগদবিহীন চিকিৎসাৰ অনুমোদন জনাই সন্তুষ্টি অনুভৱ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *