২০২০ৰ SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

২০২০ চনত অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ বৃহৎ কেলেংকাৰিৰ অন্যতম অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।

প্ৰায় তিনি বছৰৰ পাছত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক আদালতে জামিন প্ৰদান কৰে।

সঞ্জিত কৃষ্ণক যোৱা ১৫ অক্টোবৰ, ২০২০ত SI পৰীক্ষাৰ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ কৰিব পাৰি যে ২০ ছেপ্টেম্বৰ, ২০২০ তাৰিখে অসম আৰক্ষীত উপ পৰিদৰ্শক নিযুক্তিৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত লিখিত পৰীক্ষা সম্পন্ন কৰা হৈছিল।

কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ তদানীন্তন অধ্যক্ষ প্ৰদীপ কুমাৰে আই জি পি (চি আই ডি)ৰ ওচৰত লিখিতভাৱে এফ আই আৰ দাখিল কৰি কয় যে জিলা পৰ্যায়ৰ নিযুক্তি সমিতিৰ তত্বাৱধানত বিভিন্ন কেন্দ্ৰত হ’বলগীয়া নিযুক্তিৰ লিখিত পৰীক্ষা, প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰিবলগীয়া হৈছিল আৰু হোৱাটছএপত প্ৰচাৰিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *