১ হাজাৰ টকাৰ ঘোচ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে নিলম্বন বঙালমৰা আৰক্ষী থানাৰ IC তৰুণ বড়োক…

ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হ’ল লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ বড়োক।

আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে লখিমপুৰৰ আৰক্ষী অধীক্ষকক ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে।

সমন্তৰালভাৱে এই উৎকোচ কাণ্ডৰ তদন্তৰো নিৰ্দেশ দিয়ে ডিজিপিয়ে।

উল্লেখ্য যে, কোনো বিষয়ত গোচৰ দিবলৈ অহা এজন লোকৰ পৰা ১০০০ টকাৰ উৎকোচ লৈছিল আইচি তৰুণ বড়োৱে।

গোপনে প্ৰস্তুত কৰা এই উৎকোচ কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *