ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰি শেহতীয়াকৈ ৭৯ খন মহকুমা ঘোষণা কৰে৷ এই ৭৯ খন মহকুমাক উপ-জিলা হিচাপেও কোৱা হ’ব৷ য’ত জিলা উপায়ুক্তৰ পৰিৱৰ্তে অতিৰিক্ত উপায়ুক্তই উপ-জিলাকেইখনৰ কাম-কাজ পৰিচালনা কৰিব৷ বৃহস্পতিবাৰে এই কথা বিধানসভাৰ মজিয়াত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ সদনৰ মজিয়াত কয় যে এতিয়াৰে পৰা ৰাইজে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ঢাপলি মেলিব নালাগে৷ এতিয়া কাম-কাজসমূহ অতিৰিক্ত উপায়ুক্তই চোৱাচিটা কৰিব৷ ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্তকেইগৰাকীয়ে সমাজিক দিশসমূহ চোৱাচিতা কৰিব৷ ষষ্ঠ অনুসূচিত অঞ্চলত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৭৯ খন উপ-জিলাৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে পাঁচ কোটি টকাকৈ ধাৰ্য কৰা হৈছে৷ যিসমূহ অঞ্চলত উপ-জিলা গঠনক লৈ সংঘাতৰ আশংকা আছে, সেইসমূহত জিলা উপায়ুক্তগৰাকীয়ে কাম-কাজসমূহ পৰিচালনা কৰি যাব৷ ঢেকিয়াজুলিকে আদি কৰি যিসমূহ অঞ্চলত উপ-জিলা গঠনক কোনো মতানৈক্যৰ উদ্ভৱ নহয়, সেই স্থানত উপ-জিলাৰ কাৰ্যালয় গঠনৰ বাবে ব্যৱস্থা লোৱা হৈছে৷ এই উপ-জিলাসমূহলৈ জলসম্পদ, শিক্ষা বিভাগকে ধৰি কেইবাটাও বিভাগৰ কাৰ্যালয় উপ-জিলাসমূহলৈ লৈ যোৱা হ’ব৷ সমগ্ৰ চৰকাৰী কাৰ্যালয়সমূহ এতিয়াৰে পৰা এটা সমষ্টিৰ ভিতৰতে অনা হ’ব৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ এটা সমষ্টিৰ ভিতৰতে অনা হ’ব৷ ৰাজহ সংক্ৰান্তীয় কাম-কাজসমূহ এতিয়াৰে পৰা অতিৰিক্ত উপায়ুক্তৰ দ্বাৰা পৰিচালিত হ’ব৷ ৰাজহ চক্ৰ কাৰ্যালয়তেই অতিৰিক্ত উপায়ু্ক্তজন বহিব৷ তেওঁ ইয়াৰ উপৰিও কয় যে উন্নয়ন খণ্ডসমূহ দুটা সমষ্টিৰ ভিতৰত থাকিবলৈ দিয়া নহ’ব৷ খণ্ড উন্নয়ন বিষয়াৰ হাততো নাথাকিব দুটা সমষ্টি৷ অসমৰ প্ৰশাসন ব্যৱস্থাক নতুন ৰূপ দিয়াৰ বাবে এইধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি কয় যে অতিৰিক্ত উপায়ুক্তৰ তলত আৰু এগৰাকী এছ ডি পি অ’ অৰ্থাৎ ছুপাৰ ডিভিজন পুলিচ থাকিব৷ জিলা আৰক্ষী অধীক্ষকগৰাকীৰ পৰিৱৰ্তে এতিয়া সমষ্টিবাসীয়ে এতিয়া এছ ডি পিৰ পৰাহে ধৰ্ণা স্থান, সভা নাইবা অন্যান্য কাৰ্যসূচীৰ অনুমতি ল’ব পাৰিব৷ এছ ডি পিয়ে অপৰাধ সংক্ৰান্তীয় কাম-কাজৰ পৰ্যবেক্ষণ কৰিব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইবুলিও কয় যে এতিয়াৰে পৰা চৰকাৰী পুঁজিসমূহ সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি আৱণ্টন কৰা হ’ব৷ পি ডব্লিউ ডিকে ধৰি সকলো বিভাগৰ ধন এতিয়া নৱ নিৰ্ধাৰিত সমষ্টিতলৈকে আৱণ্টন দিয়া হ’ব৷ বিধায়কৰ পুঁজি পূৰ্বৰ দৰেই থাকিব যদিও বাকী সকলো চৰকাৰী ধন পুনৰ নিৰ্ধাৰিত সমষ্টিলৈহে আৱণ্টন হ’ব৷ বিধায়কসকল ২০২৬ লৈ যি সমষ্টিৰ পৰা জয়ী হৈ বিধায়ক হৈছে, তেওঁলোক সেই সমষ্টিৰ হৈয়েই থাকিব, কিন্তু চৰকাৰী ধন নৱনিৰ্ধাৰিত সমষ্টিলৈহে যাব৷ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বনাথ, তামুলপুৰ, হোজাইক পুনৰ জিলা হিচাপে ঘোষণা কৰা হৈছে যদিও বজালীক জিলা হিচাপে ঘোষণা কৰাত কিছু সমস্যাই দেখা দিছে৷ বজালীক জিলা হিচাপে পৰিণত কৰিবলৈ কাম চলাই থকা হৈছে৷ অহা ১৫-২০ দিনৰ ভিতৰত বজালীক জিলা হিচাপে ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আজি সদনৰ মজিয়াত ঘোষণা কৰে৷