১৩ বছৰীয়া কিশোৰক থানাৰ ভিতৰত চলালে নিৰ্মম অত্যাচাৰ

সোমবাৰে লাহৰীঘাট থানাত যেন আৰক্ষীৰ বৰ্বৰতাই চৰম সীমা অতিক্ৰম কৰিলে। এটা ১৩/১৪ বছৰীয়া কিশোৰক আৰক্ষীয়ে বেতেৰে নিৰ্মম ভাৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

লাহৰীঘাট আৰক্ষী থানাৰ এগৰাকী বিষয়াই এটি কিশোৰক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰি কিশোৰটিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কাৰণ জানিলে সকলোৰে চকু কপালত উঠিব। এই কিশোৰটিয়ে আৰক্ষী থানাৰ চৌহদত থকা এখন বাহনৰ পৰা বিস্কুট চোৰ কৰি খাইছিল। এই অপৰাধৰ বাবেই কিশোৰটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰিলে আৰক্ষী বিষাজনে। তাৎপৰ্যপূৰ্ণ ভাৱে কিশোৰটিক প্ৰহাৰ কৰাৰ সময়ত আৰক্ষী বিষয়াজনে নাছিল কৰ্তব্যৰ অৱস্থাত। তেওঁৰ দেহত নাছিল আৰক্ষীৰ পোচাক। বিষয়াজনে সেই সময়ত পৰিধান কৰি আছিল এখন গামোচা আৰু এটা গেঞ্জী। তেওঁ পৰিধান কৰি আছিল এখন গোমোছা আৰু এটা গেঞ্জী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *