শাদাব খানৰ অলৰাউণ্ড খেল আৰু প্ৰবল চাপৰ মুহূৰ্তত নাছিম শ্বাহৰ দুটা ছয়ে (চাৰিটা বলত ১৪ নট আউট) বুধবাৰে এছিয়া কাপ টি-২০ টুৰ্ণামেণ্টৰ ছুপাৰ ৪ মেচত পাকিস্তাননে আফগানিস্তানক এটা উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। প্লেয়াৰ অব দ্য মেচ শাদাবে চাৰি অভাৰত ২৭ ৰানত এটা উইকেট লোৱাৰ পিছত ২৬ টা বলত ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। তেওঁ ইফতেখাৰ আহমেদৰ (৩০ ৰাণ) সৈতে চতুৰ্থ উইকেটৰ বাবে ৪২ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব কৰে। পাকিস্তানৰ এই ৰোমাঞ্চকৰ বিজয়ৰ সৈতে, আফগানিস্তানৰ সৈতে ভাৰতীয় দলটোও ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে। ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত পাকিস্তানে শ্ৰীলংকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।
কম স্ক’ৰৰ সৈতে এই অতি ৰোমাঞ্চকৰ খেলখনত পাকিস্তানে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আফগানিস্তানক ছয় উইকেটত ১২৯ ৰানহে অর্জন কৰিবলৈ সুযোগ দিয়ে।আফগানিস্তানেও এই লক্ষ্য ৰক্ষা কৰিবলৈ যথাসাধ্য চেষ্টা কৰে। অন্তিম অভাৰত পাকিস্তানক জয়ৰ বাবে ১১ ৰানৰ প্ৰয়োজন আছিল, আনহাতে আফগানিস্তানক এটা উইকেটৰ প্ৰয়োজন আছিল। ১০ নম্বৰত বেটিং কৰিবলৈ অহা নাছিম শ্বাহে ফজলহক ফাৰুৰীৰ (৩/৩১) প্ৰথম দুটা বলত এটা ছয় মাৰি দলটোক এটা উইকেটৰ স্মৰণীয় জয় প্ৰদান কৰে।আফগানিস্তানৰ হৈ ফাৰুকী আৰু ফৰিদ আহমেদে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰছিদ খানে দুটা কৈ উইকেট দখল কৰে। মুজিব উৰ ৰহমানে চাৰি অভাৰত মাত্ৰ ১২ ৰান দিয়ে। ইব্ৰাহিম জাদৰানে দলটোৰ হৈ সৰ্বাধিক ৩৫ ৰানৰ অৱদান আগবঢ়াই। তেওঁ ৩৭ বলৰ ইনিংছত দুটা চাৰি আৰু এটা ছয় মাৰিছিল। হাৰিছ ৰউফ পাকিস্তানৰ আটাইতকৈ সফল বলাৰ আছিল। তেওঁ ২৬ ৰানত দুটা উইকেট দখল কৰে। নাছিম, মহম্মদ হাসনাইন, মহম্মদ নাৱাজ আৰু শাদাবে এটাকৈ উইকেট দখল কৰে।