সোমবাৰে নিলম্বিত আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই লাভ কৰিলে ডাঙৰ সকাহ। তেওঁৰ নিলম্বন বাতিল কৰা হৈছে। এই তথ্য স্বয়ং ৰাঘৱ চাদ্দাই কৰিছে সদৰী। তেওঁ কয়, ১১৫ দিনৰ পাছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মোৰ নিলম্বন প্ৰত্যাহাৰ কৰাত মই সুখী।
ৰাঘৱ চাদ্দাই কয়, ”১১ আগষ্টত মোক ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল। মই মোৰ নিলম্বন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিলো। উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু এতিয়া ১১৫ দিনৰ পিছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মই সুখী যে মোৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।’’
উল্লেখ্য যে গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে কৈছিল যে এইটো একচেটিয়াভাৱে সংসদৰ বিষয়। উচ্চতম ন্যায়ালয়ে ৰাজ্যসভা সচিবালয়লৈ জাননী জাৰি কৰিছিল।
সংসদৰ শীতকালীন অধিৱেশনৰো আৰম্ভ হৈছে। নিলম্বন বাতিল হোৱাৰ পিছত নেতাৰ অধিবেশনত অংশগ্ৰহণ কৰিব পাৰিব। সোমবাৰে ৰাজ্যসভাৰ বিশেষাধিকাৰ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়, তাৰ পিছত ৰাঘৱ চাদ্দাৰ সদস্যপদ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয়।