১০ জানুৱাৰীত গুৱাহাটীত ভাৰত- শ্ৰীলংকাৰ এদিনীয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াই ৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ চাৰিখন টেষ্টৰ শৃংখলা খেলিব। যিকেইখন নাগপুৰ, দিল্লী, ধৰ্মশালা আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব। বিচিচিআইয়ে বৃহস্পতিবাৰে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ সময়সূচী ঘোষণা কৰে। ইয়াৰ লগতে জানুৱাৰী-ফেব্ৰুৱাৰীত শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ সময়সূচীও ঘোষণা কৰে টেষ্ট শৃংখলাটো বিশ্ব চেম্পিয়নশ্বিপ ছিজনৰ অংশ হ’ব। জামথাৰ ভিচিএ ষ্টেডিয়ামত প্ৰথমখন টেষ্ট ৯ ৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব, আনহাতে দিল্লীত দ্বিতীয় খন টেষ্ট ১৭ ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। তৃতীয়খন টেষ্ট ১ ৰ পৰা ৫ মাৰ্চলৈ ধৰ্মশালাত অনুষ্ঠিত হ’ব। অন্তিমখন খেল ৯ ৰ পৰা ১৩ মাৰ্চলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। দুয়োটা দলে ক্ৰমে ১৭, ১৯ আৰু ২২ মাৰ্চত মুম্বাই, ভাইজাগ আৰু চেন্নাইত তিনিখন এদিনীয়া শৃংখলাও খেলিব। দুয়োটা দলে ক্ৰমে ১৭, ১৯ আৰু ২২ মাৰ্চত মুম্বাই, ভাইজাগ আৰু চেন্নাইত তিনিখন এদিনীয়া শৃংখলাও খেলিব। জানুৱাৰীত, শ্ৰীলংকা আৰু নিউজিলেণ্ডে তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া খেলিবলৈ ইয়ালৈ আহিব। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ খন ক্ৰমে ৩, ৫ আৰু ৭ জানুৱাৰীত মুম্বাই, পুনে আৰু ৰাজকোটত অনুষ্ঠিত হ’ব। ১০, ১২ আৰু ১৫ জানুৱাৰীত গুৱাহাটী, কলকাতা আৰু ত্ৰিবান্দ্ৰমত এদিনীয়া খেল অনুষ্ঠিত হ’ব।নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা ১৮, ২১ আৰু ২৪ জানুৱাৰীত হায়দৰাবাদ, ৰায়পুৰ আৰু ইন্দোৰত অনুষ্ঠিত হ’ব। টি-২০ খন ক্ৰমান্বয়ে ২৭, ২৯ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰাঁচী, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *