হোলীৰ আনন্দৰ মাজতে গুৱাহাটীত পথ দুৰ্ঘটনা, আহত দুজন

হোলীৰ আমেজ ম্লান কৰি বুধবাৰে গুৱাহাটীৰ চান্দমাৰীত দুৰ্ঘটনা সংঘটিত হয় এখন গাড়ী।

প্ৰাথমিক খবৰ অনুসৰি গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ ৰুদ্ৰনগৰ হাউছিং কলনীত সংঘটিত হৈছে এই ঘটনা।

গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰে। চালকজনে মদ্যপান কৰি থকাৰ সন্দেহ যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

লাভ কৰা তথ্য অনুসৰি এই ঘটনাত গাড়ীৰ চালক আৰু আন এজন যাত্ৰী আহত হয়।

এই ঘটনাৰ লগত জড়িত বাহনখন মাৰুতি ব্ৰেজা বুলি চিনাক্ত কৰা হৈছে যাৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ ডি এল ২৪১২।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *